বচ্চন পৰিয়ালত ঘটা যিকোনো ঘটনা বহিঃজগতলৈ তাংক্ষণিকভাৱে বিয়পি পৰে। কিছুদিন ধৰি বলীউডৰ ভিতৰত চর্চা চলি আহিছে যে অভিষেক বচ্চন আৰু ঐশ্বৰ্য ৰায় বচ্চনৰ সম্পৰ্কত ফাট মেলিছে ৷ তেওঁলোকৰ বিবাহৰ ১৫ বছৰ হ’ল। বিবাহৰ পিছৰে পৰা তেওঁলোকৰ বিবাহ বিচ্ছেদৰ জল্পনা-কল্পনা কেইবাবাৰো চলি আহিছে যদিও তেওঁলোকৰ সম্পৰ্ক অবিচ্ছেদ্য হৈয়েই আছে । আকৌ অভিষেক-ঐশ্বৰ্যৰ বিবাহ বিচ্ছেদৰ কথা চর্চা চলিছে । এই জল্পনা-কল্পনাৰ মাজতে জুনিয়ৰ বচ্চনে টুইটাৰত পত্নীৰ বিষয়ে কি ক’লে জানেনে ?
আম্বানি পৰিয়ালৰ অনুষ্ঠানত কন্যাৰ সৈতে অভিনেত্ৰীগৰাকী উপস্থিত আছিল । দুদিনৰ এদিনতো লগত নাছিল অভিষেক। ইয়াৰ ভিতৰত সেই অনুষ্ঠানত ঐশ্বর্য্যক প্ৰাক্তন প্ৰেমিক ছলমানৰ সৈতে একেলগে দেখা গৈছিল।
শেহতীয়াকৈ বচ্চনৰ পৰিয়ালৰ এজন সদস্যই আম্বানীৰ অনুষ্ঠানত ঐশ্বৰ্য আৰু তেওঁৰ কন্যা আৰাধ্যাৰ এখন ছবি পোষ্ট কৰি লিখিছিল, “মোৰ প্ৰিয় মানুহ”।সেই টুইটৰ প্ৰতি সঁহাৰি জনাই অভিষেকে লিখিছিল, “মোৰো প্ৰিয় মানুহ।” অভিনেতাজনে তিনিটা শব্দৰ বাক্যশাৰীয়ে বিবাহ বিচ্চেদক লৈ চলি অহা সকলো জল্পনা-কল্পনাৰ অন্ত পেলালে ৷
২০১৪ চনত দুয়োৰে বিবাহ বিচ্ছেদৰ খবৰ বিয়পি পৰিছিল ৷ সেই সময়ত অভিষেকে টুইট কৰি লিখিছিল, ‘মোৰ বিবাহ বিচ্ছেদ হৈছে । এই খবৰটো মোক জনোৱাৰ বাবে ধন্যবাদ! দ্বিতীয়বাৰৰ বাবে কেতিয়া বিয়া হ’ম সেইটোও কওকচোন?” প্ৰথমবাৰৰ বাবে নহয়, তেওঁৰ হাস্যৰসৰ সদায় শলাগ লোৱা হৈছে। যিমানেই সমালোচনা বা কটুক্তিৰ সন্মুখীন নহওক কিয়, খং হেৰুৱাৰ পৰিৱৰ্তে তেওঁ পৰিস্থিতিটো শীতল মগজুৰে চম্ভালি আহিছে।