মন ভাল ৰাখিবলৈ আটাইতকৈ ভাল উপায় হৈছে ভাল খাদ্য খোৱা। সুস্বাদু ভাল ভাল আহাৰ খালে মনটো এনেই ভাল লাগি থাকে। বহুতো লোকে কেতিয়াবা ঘৰত ৰন্ধা খাদ্য খাই আমনি পালে বাহিৰলৈ গৈ কোনোবা হোটেল বা ৰেষ্টোৰাঁত খাবলৈ গৈ ভাল পায়। ভাৰতৰ কিছুমান ঠাইত এনে কিছুমান ৰেষ্টোৰাঁ আৰু হোটেল আছে যিবোৰ ১০০ বছৰতকৈও পুৰণি আৰু খাদ্যৰ ফালৰ পৰাও কোনো ফালৰ পৰা পিচ পৰা নহয়।
ভাৰতত থকা ১০০ বছৰতকৈ পুৰণি কেইখন মান ৰেষ্টোৰাঁ হ’ল-
- মুম্বাইৰ লিঅ’পাৰ্ড কেফে (Leopold Cafe, Mumbai) ১৫০ বছৰ পুৰণি। এই কেফেখন লোকচাক্ষুৰ সন্মুখলৈ আহে ২০০৮ চনৰ মুম্বাই আক্ৰমণৰ সময়ত। উল্লেখ্য যে উক্ত কেফেখনত বৰ্তমানেও বন্দুকৰ গুলীৰ চিন দেখিবলৈ পোৱা যায়। স্থানীয় জনসাধাৰণৰ লগতে দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰস্থল মুম্বাইৰ এই কেফে।
- লক্ষ্ণৌৰ টাণ্ডেই কাবাবী (Tunday Kababi, Lucknow) নামৰ হোটেলখন ১১৫ বছৰ পুৰণি এখন হোটেল। কাবাব খাই ভাল পোৱা লোকৰ বাবে ইয়াতকৈ ভাল ঠাই ভাৰতত খুব কম। ১৯০৫ চনত এই হোটেলখন প্ৰথমবাৰৰ বাবে মুকলি কৰা হয়। আমোদজনক কথা এই যে কাবাবৰ এই খাদ্যত প্ৰায় ১২৫ বিধ উপাদান মিশ্ৰন কৰি ৰন্ধা হয়।
- পাহাৰীয়া ঠাই দাৰ্জিলিংৰ এখন জনপ্ৰিয় ৰেষ্টোৰাঁ হৈছে গ্লেনাৰিছ (Glenary’s) । এই ৰেষ্টোৰাঁখন ১৩০ বছৰ পুৰণি । কেৱল সুস্বাদু খাদ্যই নহয় বিভিন্ন ধৰণৰ বেকাৰীও পোৱা যায় এই ৰেষ্টোৰাঁখনত। নেহেৰু ৰ’ডত থকা এই ৰেষ্টোৰাঁখনত গ্ৰাহকৰ সুবিধাৰ বাবে এনে ঠাইত বহিবৰ বাবে ব্যৱস্থা কৰা হৈছে যে য’ৰ পৰা দাৰ্জিলিংৰ পাহাৰবোৰ ভালদৰে দেখা পোৱা যায়।
- কলিকতাৰ ইণ্ডিয়ান কফি হাউচ (Indian Coffee House, Kolkata)এখন খুব জনপ্ৰিয় কেফে। ১৯৪৭ চনৰ আগলৈকে এই কফি হাউচখন “Albert Hall” হিচাপে ব্যৱহৃত হৈ আহিছিল। এই কফি হাউচখন স্থাপিত হয় ১৮৭৬ চনত। উল্লেখযোগ্য কথা এই যে উক্ত কেফে খনৰ কেইগৰাকীমান জনপ্ৰিয় সংৰক্ষক আছিল সত্যজিত ৰায় , মৃণাল সেন , আমেৰিকান মূলৰ কবি এলেন গিনছবাৰ্গ ।