ক্রিষ্টিয়ানো ৰোনাল্ডোৱে প্রশিক্ষকৰ সৈতে হোৱা সমস্যাৰ বাবে মানচেষ্টাৰ ইউনাইটেড এৰি থৈ যায়৷ আনকি নতুন ক্লাবলৈ যোৱাৰ পাছতো তেওঁৰ এই সমস্যাৰ অন্ত পৰা নাই ৷ ছৌদি আৰৱৰ আল নাছেৰ ক্লাবৰ প্ৰশিক্ষক ৰুডি গাৰ্চিয়াৰ সৈতেও তেওঁৰ মনোমালিন্য ঘটিছে ৷ ৰোনাল্ডোৱে প্ৰশিক্ষকৰ পৰিকল্পনা গ্ৰহণ কৰিব নোৱাৰে। তেওঁ দলৰ দুৰ্বল প্ৰদৰ্শনৰ বাবে প্ৰশিক্ষকক দোষাৰোপ কৰিছে ৷
আল নাছেৰে আল ফেয়াৰৰ বিৰুদ্ধে ০-০ গ’লত ড্র কৰে। ইয়াৰ পিছতে ৰোনাল্ডোৱে প্ৰশিক্ষকক লৈ প্ৰশ্ন উত্থাপন কৰে। ছৌদি সংবাদ মাধ্যমৰ মতে ৰোনাল্ডোৱে অনুভৱ কৰিছে যে গাৰ্চিয়াই ফুটবলাৰৰ পৰা শ্ৰেষ্ঠখিনি উলিয়াই আনিবলৈ ব্যৰ্থ হৈছে। ইয়াৰ ফলত বেয়া ফলাফল তেওঁৰ দলটোৱে লাভ কৰিছে ৷ ৰোনাল্ডোৰ মতে, আল নাছেৰৰ ছৌদি প্ৰ’ লীগ জয় কৰাৰ সম্ভাৱনা আছে। কিন্তু প্ৰশিক্ষকৰ বাবে পিছ পৰি আছে।
কেৱল ৰোনাল্ডোৱেই নহয়, ক্লাবৰ মালিকো গাৰ্চিয়াক লৈ সুখী নহয়। যোৱা বছৰ গাৰ্চিয়াই প্ৰশিক্ষকৰ দায়িত্ব গ্ৰহণ কৰিছিল। এবছৰত তেওঁ কোনো উল্লেখযোগ্য কাম কৰিব নোৱাৰিলে। ৰোনাল্ডোৰ দৰে ফুটবলাৰক চুক্তিবদ্ধ কৰাৰ পিছতো ক্লাবৰ মালিকে দলৰ ফলাফল আশা কৰা ধৰণে লাভ কৰিব নোৱাৰিব ৷ হয়তো এই ছিজনৰ পিছত গাৰ্চিয়াক বৰ্খাস্ত কৰা হ’ব পাৰে।
এতিয়া ছৌদি প্ৰ’ লীগত দ্বিতীয় স্থানত আছে আল নাছেৰ। শীৰ্ষত আল ইত্তেহাদৰ পৰা ৩ পইণ্ট পিছ পৰি আছে। কেৱল সেয়াই নহয়, তিনি আৰু চাৰি নম্বৰত থকা আল শ্বাবাব আৰু আল হিলাল বহু পিছ পৰি থকা নাই। এনে পৰিস্থিতিত ক্লাবৰ ভিতৰতে বিবাদ আৰম্ভ হৈছে ৷