যদিও বলীউড জগতত একাধিক কৌতুক অভিনেতা আছে তথাপি প্ৰবীণ কৌতুক অভিনেতা দীনেশ হিংগুৰ কথাই যেন সুকীয়া । দীনেশ হিংগুৱেই হয়তো বলীউড জগতৰ একমাত্ৰ তাৰকা যি তেওঁৰ হাঁহিৰ বাবেই বিখ্যাত।
৩০০ৰো অধিক ছবিত অভিনয় কৰা এই জনপ্ৰিয় অভিনেতা গৰাকীৰ
জন্ম: ১৯৪০ চনৰ ১৩ এপ্ৰিলত ৷ চাৰি দশকৰো অধিক সময়ৰ কৌতুক অভিনেতা হিচাপে অভিনয় কৰা ৮৩ বছৰীয়া অভিনেতা গৰাকীয়ে মেহমুদ, জনী ৱাকাৰৰ পিছতে হিন্দী ছবিত কৌতুক অভিনয়ক জীয়াই ৰাখিছিল। বিখ্যাত কমেডিয়ান জনী লিভাৰেও দীনেশ হিংগুক তেওঁৰ প্ৰেৰণা হিচাপে গণ্য কৰে।
পৰিয়ালৰ তীব্ৰ বিৰোধিতা স্বত্তেও আৰম্ভণিৰে পৰা অভিনেতা হ’বলৈ বিচাৰিছিল এইগৰাকী অভিনেতাই।যাৰ বাবে ঘৰৰ পৰা পলাই গৈ কেইখনমান ছবিত সৰু সৰু চৰিত্ৰত অভিনয় কৰি পিছলৈ তেওঁ এজন সুদক্ষ কৌতূক অভিনেতা হৈ পৰে।
কিন্তু বৰ্তমান সময়ত বাৰ্ধক্যজনীত কাৰণত বোলছবি জগতত সক্ৰিয় হৈ থকা নাই জ্যেষ্ঠ অভিনেতাগৰাকী। ছবিজগতত তেওঁ বৰ দীঘলীয়া সময় ধৰি অভিনয় কৰা নাছিল যদিও যি চৰিত্ৰতেই অভিনয় কৰিছিল নিজৰ অভিনয়ৰ যোগেদি সকলোকে আপ্লুত কৰিছিল তেওঁ। প্ৰায়বোৰ ছবিতে তেওঁ পাৰ্চী ব্যৱসায়ী হিচাপে অভিনয় কৰিছিল। লেডিজ টেইলাৰ, নমক হালাল, শ্ৰীমান শ্ৰীমতী, ৰক্ত বন্ধন, লাভাৰ বয়, খুদগৰ্জ, ছুপাৰমেন, ইমান্দৰ, হানিমুন, ফুল ঔৰ অংগাৰ, গোপী কিষাণ, কৰণ অৰ্জুন আৰু গুপ্তৰ দৰে ৩০০ৰো অধিক ছবিত অভিনয় কৰিছে অভিনেতাজনে।
‘হেৰা ফেৰী’ ছবিত চমন ঝিংগাৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিছিল আৰু তেওঁৰ এই নামটোও অতি জনপ্ৰিয় হৈ পৰিছিল। অভিনেতাগৰাকী বহু মহান কৌতুক অভিনেতাৰ বাবে প্ৰেৰণাৰ উৎস।
বলীউডৰ আন এগৰাকী জনপ্ৰিয় কৌতুক অভিনেতা জনী লিভাৰে এক সাক্ষাৎকাৰত কৈছিল যে দীনেশ হিংগুৱেই তেওঁক প্ৰথম পৰ্য্যয়ত অনুষ্ঠান পৰিৱেশন কৰিবলৈ এখন মঞ্চ দিছিল।