দুবছৰমান পূৰ্বে মুন্দ্ৰা বন্দৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰৰ অভিজ্ঞতাৰ পৰা শিক্ষা লৈ কেন্দ্রই দেশৰ সকলো বন্দৰতে ‘কণ্টেইনাৰ ‘স্কেনাৰ’ স্থাপন কৰিবলৈ আৰম্ভ কৰিছে। যাতে ড্ৰাগছৰ লগতে অবৈধ অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক ধৰা পৰে।
বুধবাৰৰ পৰা দিল্লীত আৰম্ভ হৈছে দুদিনীয়াকৈ চলি থকা ড্ৰাগছবিৰোধী টাস্ক ফ’ৰ্চৰ ৰাষ্ট্ৰীয় সন্মিলন। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই সন্মিলন উদ্বোধন কৰে। তেওঁ কয়, ‘২০৪৭ চনৰ ভিতৰত দেশখনক ড্ৰাগছমুক্ত কৰাৰ পৰিকল্পনাৰে মোদী চৰকাৰে আগবাঢ়িছে।’ ৰাজনৈতিক মতানৈক্য পৰিহাৰ কৰি শ্বাহে এই লক্ষ্যত উপনীত হ’বলৈ সকলো ৰাজ্যকে একেলগে কাম কৰিবলৈ আহ্বান জনায়। তেওঁ কয়- “ড্ৰাগছৰ সমস্যা দূৰ কৰিবলৈ আমি কঠোৰ হ’ব লাগিব। এই চক্ৰৰ মূল দোষী ড্ৰাগছ ব্যৱসায়ী আৰু ড্ৰাগছ সেৱন কৰা সকল ভুক্তভোগী। আমাৰ লক্ষ্য সেই চক্ৰটো ভাঙি পেলোৱা। বহুক্ষেত্ৰত পিতৃ-মাতৃয়ে পৰিয়ালৰ আৰু সামাজিক লাজৰ ভয়ত সন্তানৰ ড্ৰাগছ আসক্তি স্বীকাৰ কৰিবলৈ বা সন্তানক নিচামুক্তিলৈ পঠিয়াবলৈ দ্বিধাবোধ কৰে। শেষত শিশুৰ ক্ষতি হয়।“
ভাৰত বিশ্বৰ দুটা প্ৰধান ড্ৰাগছ সৰবৰাহৰ পথৰ ভিতৰত এটা পথত অৱস্থিত। এফালে ইৰাণ-আফগানিস্তান আৰু পাকিস্তান। যাক কোৱা হয় ‘গোল্ডেন ক্ৰেচেণ্ট’। ম্যানমাৰ, থাইলেণ্ড আৰু লাওছৰ সৈতে ‘গল্ডেন ট্ৰায়েংগল”’। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ এক শীৰ্ষ সূত্ৰই জনাইছে যে ভাৰতে সেই অঞ্চলসমূহক ক্ৰমে ‘ডেথ ক্ৰেচেণ্ট’ আৰু ‘ডেথ ট্ৰায়েংগল’ বুলি ক’বলৈ আৰম্ভ কৰিছে। যিটো আন দেশে মানি লৈছে।
যোৱা কেইবছৰমানৰ পৰা দেশৰ পশ্চিম সীমান্তৰ কেইবাটাও বন্দৰত বিশেষকৈ গুজৰাটৰ মুন্দ্ৰা বন্দৰত ৩০০০ কিলোগ্ৰাম ড্ৰাগছ ধৰা পৰিছিল। কিন্তু প্ৰতিটো ক্ষেত্ৰতে কণ্টেইনাৰ নিৰ্বাচন কৰি পৰীক্ষা কৰাটো সম্ভৱ নহয়। সেই সমস্যাৰ পৰা হাত সাৰিবলৈ কেন্দ্ৰই এটা বন্দৰত আনলোড কৰা সকলো কণ্টেইনাৰ স্কেন কৰিবলৈ প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে। ড্ৰাগছৰ উপৰিও এই স্কেনাৰে অস্ত্ৰ-শস্ত্ৰ বা মানৱ সৰবৰাহ ধৰা পেলাব পাৰে। সূত্ৰৰ মতে, পৰীক্ষামূলক ভিত্তিত কিছুমান প’ৰ্টত এই স্কেনাৰৰ ব্যৱহাৰ আৰম্ভ হৈছে। অনাগত দিনত স্থল বন্দৰসমূহত এই ব্যৱস্থা প্ৰৱৰ্তন কৰা হ’ব।