চুৰাট ছেছন আদালতৰ ৰায়দানৰ পাছতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে লোকসভাৰ সাংসদ পদ পুনৰ ওভতাই পোৱাৰ আশা আপাততঃ বন্ধ হ’ল ৷ গুজৰাটৰ চুৰাট দণ্ডাধীশ আদালতে ২৩ মাৰ্চত ৰাহুলক ‘ফৌজদাৰী মানহানি’ গোচৰত দোষী সাব্যস্ত কৰে ৷ অতিৰিক্ত ছেছন ন্যায়াধীশ আৰ পি মোগেৰাই বৃহস্পতিবাৰে তেওঁৰ স্থগিতাদেশৰ আবেদন খাৰিজ কৰে। ফলত ৰাহুলে আপাততঃ কেৰালাৰ ৱাইনাড়ৰ সাংসদ পদ পুনৰ ওভতাই নোপোৱাটো নিশ্চিত হ’ল ৷ ইয়াৰ লগে লগে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত তেওঁৰ প্ৰতিদ্বন্দ্বিতাক লৈও সন্দেহৰ সৃষ্টি হৈছে।
যোৱা ২৩ মাৰ্চত গুজৰাটৰ চুৰাট দণ্ডাধীশ আদালতে ২০১৯ চনৰ লোকসভা নিৰ্বাচনী প্ৰচাৰৰ সময়ত কৰ্ণাটকৰ কোলাৰত ‘মোদী’ উপাধিক লৈ আপত্তিজনক মন্তব্য কৰা ৰাহুলক দুবছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। ইয়াৰ ভিত্তিত ২৪ মাৰ্চত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ভাৰতীয় সংবিধানৰ ১০২(১) অনুচ্ছেদ আৰু জনপ্ৰতিনিধিত্ব আইন (১৯৫১)ৰ ধাৰা ৮(৩)ৰ অধীনত ৰাহুলক সাংসদ পদৰ পৰা বৰ্খাস্ত কৰে।ৰাহুলক স্থগিতাদেশ বিচাৰি চুৰাটৰ চেচন আদালতত আবেদন জনায়। দণ্ডাধীশ আদালতৰ ৰায়ৰ ওপৰত অন্তৱৰ্তীকালীন স্থগিতাদেশ বিচাৰি ৰাহুল গান্ধী ছেছন আদালতৰ কাষ চাপিছিল। ১৩ এপ্ৰিলত, পূৰ্বৰ শুনানিৰ দিনটোত অতিৰিক্ত ছেছন ন্যায়াধীশ মোগেৰাই ৰায় সংৰক্ষিত কৰে ৷ বৃহস্পতিবাৰে ৰাহুলৰ আবেদন নাকচ কৰি দণ্ডাধীশ আদালতৰ ৰায় অব্যাহত ৰাখে ছেছন আদালতে ৷ ফলত আইনী বিশেষজ্ঞৰ মতে, উচ্চ ন্যায়ালয়ে স্থগিতাদেশৰ আদেশ নাপালে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ৰাহুলে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব।