পৰিচালক-অভিনেত্ৰী কংগনা ৰানাৱটে প্ৰায়ে বিভিন্ন বিষয়ত মন্তব্য দি শিৰোনাম দখল কৰে। শেহতীয়াকৈ কংগনাই পুনৰ টুইটাৰত যোগদান কৰিছে। তেওঁ লিংগ বৈষম্য সম্পৰ্কে নিজৰ মতামত প্ৰকাশ কৰে। তেওঁৰ লিংগ পৰিচয়ৰ ভিত্তিত কাকো বিচাৰ কৰা উচিত নহয় বুলি দাবী কৰে। মণিকৰ্ণিকাৰ নিৰ্মাতা গৰাকীৰ মতে যিসকলে এই কাম কৰে তেওঁলোকে জীৱনত আগুৱাই যাব নোৱাৰে।
যিসকলে নিজৰ লিংগ পৰিচয়ক নিজৰ একমাত্ৰ অস্তিত্ব বুলি গণ্য কৰে, বা ইয়াৰ বাবে গৌৰৱ কৰে, তেওঁলোকৰ বিৰুদ্ধেও অভিনেত্ৰীগৰাকীয়ে মাত মাতি আহিছে ৷ উচ্চতম ন্যায়ালয়ৰ আদালতত সমলিংগ বিবাহ বৈধতা প্ৰদানৰ অনুৰোধৰ প্ৰতি লক্ষ্য ৰাখি অভিনেত্ৰীগৰাকীয়ে এই বক্তব্য প্ৰকাশ কৰিছে ।তেওঁ কয়, “মই নিজকে কেৱল মহিলা হিচাপে পৰিচয় দি ভাল নাপাও। মই নিজেও তেনেকৈ নাভাবো। লিংগভিত্তিক নহয়, এজনে যি কৰে সেয়াহে তেওঁৰ আচল পৰিচয়।“
শুকুৰবাৰে পুৱা টুইটাৰত কংগনাই লিখিছে, ‘আপুনি মহিলা হওক, পুৰুষ হওক বা তৃতীয় লিংগ হওক, যিয়েই হওক সুখী হওক, সেইটো কাৰো বাবে গুৰুত্বপূৰ্ণ নহয়, ৷ আজিৰ পৃথিৱীত আমি ‘অভিনেত্ৰী’, ‘মহিলা পৰিচালক’ আদি শব্দও ব্যৱহাৰ নকৰো, আমি অভিনেতা বা পৰিচালক বুলি কওঁ। পৃথিৱীত আমি যি কৰি আছো সেয়াই আমাৰ পৰিচয়।”