কংগ্ৰেছে বিধানসভা নিৰ্বাচনত জয়লাভ কৰি কৰ্ণাটকত ক্ষমতা দখল কৰিলে সংঘ পৰিয়ালৰ বজৰং দলৰ বিৰুদ্ধে ‘কঠোৰ আইনী ব্যৱস্থা’ গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি দিছে। মঙলবাৰে দলৰ সভাপতি মল্লিকাৰ্জুন খার্গেই ৰাজ্যিক নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে ।
হিন্দুত্ববাদী বজৰং দলৰ উপৰিও কংগ্ৰেছৰ ইস্তাহাৰত উগ্ৰ মুছলমান গোট পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া (পিএফআই)ৰ বিৰুদ্ধেও আইনী ব্যৱস্থা লোৱাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। ইস্তাহাৰত উল্লেখ কৰা হৈছে এইদৰে-, “জাতি আৰু ধৰ্মৰ ভিত্তিত সম্প্ৰদায়ৰ মাজত ঘৃণা বিয়পোৱা ব্যক্তি আৰু সংগঠনৰ বিৰুদ্ধে শক্তিশালী আৰু নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰিবলৈ কংগ্ৰেছে প্ৰতিশ্ৰুতিবদ্ধ।”
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে হোস্পেট এলেকাত বিজেপিৰ হৈ প্ৰচাৰ চলাই কংগ্ৰেছৰ ইস্তাহাৰত উল্লেখ কৰা প্ৰতিশ্ৰুতিক সমালোচনা কৰে। তেওঁ কয়, “পূৰ্বতে কংগ্ৰেছে ৰামনামৰ ওপৰত বাধা আৰোপ কৰাত সক্ৰিয় আছিল, এতিয়া তেওঁলোকে ‘জয় বজৰংগবলী’ ধ্বনি দিয়াসকলৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিব বিচাৰিছে। এইটো সঁচাকৈয়ে দুৰ্ভাগ্যজনক।” ইয়াৰ পূৰ্বে চিত্ৰদুৰ্গা ৰেলীত মোদীয়ে কয় যে কংগ্ৰেছে ক্ষমতাৰ বাবে সদায় সন্ত্ৰাসৰ সৈতে আপোচ কৰি আহিছে।