গোটেই দিনটোত মোবাইলত আমি কথা পাতো। কিন্তু আপুনি কিমান সময় কথা পাতি আছে তাক লৈ চিন্তা নকৰে। প্ৰিয়, বন্ধু-বান্ধৱীৰ সৈতে সময় ধৰি কথা পাতিব নোৱাৰে। এই সন্দৰ্ভত বৰ্তমানৰ গৱেষণাৰ মতে আধা ঘণ্টাৰো অধিক সময় ফোনত কথা পাতিলে উচ্চ ৰক্তচাপ বা উচ্চ ৰক্তচাপত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। কোৱা হৈছে যে মোবাইলৰ পৰা নিৰ্গত ৰেডিঅ’ফ্ৰিকুৱেন্সি ৰক্তচাপ বৃদ্ধিৰ লগত জড়িত। ইউৰোপীয় হাৰ্ট জাৰ্নেলত প্ৰকাশ পাইছে এই তথ্য।
বিশ্বৰ অধিকাংশ লোক উচ্চ ৰক্তচাপত আক্ৰান্ত। যাৰ ফলত কম বয়সতে ষ্ট্ৰোক, হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। চীনৰ চাৰ্ডান মেডিকেল ইউনিভাৰ্চিটিৰ গৱেষক জিয়ানহুই কিনে কয় , “আপুনি দিনটোত কিমান মিনিট কথা পাতিছে তাৰ ওপৰত নির্ভৰ কৰে হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা ৷অতি কম বয়সৰ পৰাই মোবাইলৰ অনিয়ন্ত্ৰিত ব্যৱহাৰৰ বাবে যুৱক-যুৱতীসকলৰ মাজত হৃদৰোগৰ সম্ভাৱনা তুলনামূলকভাৱে বৃদ্ধি পাইছে।“
৩৭ৰ পৰা ৭৩ বছৰৰ ভিতৰৰ ২ লাখ লোকৰ ওপৰত কৰা ১২ বছৰীয়া অধ্যয়নত ১৩,৯৮৪ জনৰ উচ্চ ৰক্তচাপৰ লক্ষণ দেখা গৈছিল। মোবাইল ব্যৱহাৰ নকৰাসকলতকৈ এই সম্ভাৱনা ৭ শতাংশ বেছি। কিন্তু এই বিষয়ে অধিক গৱেষণাৰ প্ৰয়োজন আছে ।