কাশ্মীৰ সন্দৰ্ভত পাকিস্তানৰ বৈদেশিক মন্ত্ৰী বিলাল ভুট্টোৱে কৰা মন্তব্যৰ পিছতে বিদেশ মন্ত্ৰী এছ জয়শংকৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷কাশ্মীৰ সন্দৰ্ভত পাকিস্তানৰ স্থিতিক আক্ৰমণ কৰি তেওঁ শ্ৰীনগৰত আগন্তুক জি-২০ বৈঠকৰ বিষয়টোও উত্থাপন কৰে।
শুকুৰবাৰে জয়শংকৰে কয় য, “মই ক’ব বিচাৰো, তেওঁলোকৰ (পাকিস্তান)ৰ জি-২০ৰ সৈতে কোনো সম্পৰ্ক নাই। লগতে মই ক’ম যে শ্ৰীনগৰৰ লগতো তেওঁলোকৰ কোনো সম্পৰ্ক নাই। কাশ্মীৰ সন্দৰ্ভত আলোচনা কৰিবলগীয়া এটাই বিষয় আছে আৰু সেয়া হ’ল পাকিস্তানে কেতিয়া কাশ্মীৰৰ অবৈধ দখল ত্যাগ কৰিব।”
শুকুৰবাৰে চাংহাই সহযোগিতা সংস্থাৰ বৈঠকত অংশ ল’বলৈ গোৱাত উপস্থিত হোৱা পাকিস্তানৰ বৈদেশিক মন্ত্ৰী বিলাল ভুট্টো জৰ্দাৰীয়ে কয় , “যদি ভাৰতে ৫ আগষ্ট, ২০১৯ত গ্ৰহণ কৰা ব্যৱস্থা (৩৭০ অনুচ্ছেদ বাতিল) পুনৰীক্ষণ নকৰে, তেন্তে পাকিস্তানে ভাৰতৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক বজাই ৰখাৰ স্থিতি গ্ৰহণ কৰিব নোৱাৰে ।”
২২-২৪ মে’ত শ্ৰীনগৰত জি-২০ ৱৰ্কিং গ্ৰুপ অন টুৰিজিমৰ বৈঠক অনুষ্ঠিত হ’ব ৷ইতিমধ্যে জম্মু-কাশ্মীৰৰ ৰাজধানীত ইয়াৰ প্ৰস্তুতি আৰম্ভ হৈছে। ২০২২ চনৰ মাৰ্চ মাহত কাশ্মীৰত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় বিনিয়োগ সন্মিলনত ৩৬খন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল। কূটনৈতিক মহলৰ এটা অংশৰ মতে, ভাৰতে এইবাৰ তাত জি-২০ক আতিথ্য দিয়াৰ সিদ্ধান্তৰে পাকিস্তানৰ ওপৰত হেঁচা বৃদ্ধি কৰিব বিচাৰিছে। শ্ৰীনগৰত জি-২০ৰ বৈঠক অনুষ্ঠিত কৰাৰ বাবে পাকিস্তানৰ বিৰোধিতা ভাৰতে নাকচ কৰিছে।