ঘৰুৱা ক্ষেত্ৰত নিউজিলেণ্ডক পৰাস্ত কৰিছে পাকিস্তানে। এদিনীয়া শৃংখলাত বাবৰ আজমৰ দলটোৱে ৪-০ ব্যৱধানত আগবাঢ়ি আছে। ইয়াৰ সমান্তৰালকৈ পাকিস্তান আইচিচিৰ ৰেংকিঙত শীৰ্ষস্থান দখল কৰে। দ্বিতীয় স্থানত আছে অষ্ট্ৰেলিয়া। তৃতীয় স্থানত আছে ভাৰত।
শুকুৰবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে শতক অৰ্জন কৰে বাবৰে। পাকিস্তানৰ অধিনায়কগৰাকীয়ে ১০৭ ৰানৰ ইনিংছ খেলিছিল। তেওঁৰ শতকটোৰ জৰিয়তে পাকিস্তানে ৩৩৪ ৰান সংগ্ৰহ কৰে। নিউজিলেণ্ডে ২৩২ ৰানত ইনিংছ সমাপ্ত কৰে ৷ পাকিস্তানে নিউজিলেণ্ডক ১০২ ৰানত পৰাস্ত কৰে। এই ছিৰিজ আৰম্ভ হোৱাৰ পূৰ্বে পাকিস্তান পঞ্চম স্থানত আছিল।
বিশ্বকাপ অনুষ্ঠিত হোৱা বৰ্ষত এক নম্বৰ স্থানত অধিষ্ঠিত হোৱাৰ ফলত বাবৰৰ আত্মবিশ্বাস বৃদ্ধি পাব। মেচখনত জয়লাভ কৰাৰ পাছত বাবৰে কয় যে দলীয় আৰু সহায়ক কৰ্মচাৰীৰ সহায় অবিহনে এক নম্বৰ হোৱাটো সম্ভৱ নহ’লহেঁতেন। কঠিন সময়ৰ মাজেৰে আমি যুঁজ দিছো ৷ আমি বহুত অগ্ৰগতি লাভ কৰিছো। এই জয় স্মৰণীয় হৈ থাকিব। বহু সহযোগিতা, ত্যাগ আৰু সংগ্ৰামৰ অন্তত আমি এক নম্বৰ হৈ পৰিলোঁ।”
বাবৰে এদিনীয়া ক্ৰিকেটত ৯৯খন খেল খেলিছে। তেওঁৰ শতকৰ সংখ্যা ১৮ টা ৷ তেওঁ ৫০৮৮ ৰান সংগ্ৰহ কৰিছে। শুকুৰবাৰে পাকিস্তানৰ অধিনায়কগৰাকীয়ে ১১৭টা বলত ১০৭ ৰান সংগ্ৰহ কৰে। আঘা ছলমানে ৫৮ ৰান সংগ্ৰহ কৰে। পাকিস্তানৰ ৩৩৪ ৰানৰ প্ৰত্যুত্তৰত নিউজিলেণ্ডৰ অধিনায়ক টম লেথামে ৭৬টা বলত ৬০ ৰান সংগ্ৰহ কৰে। কিন্তু বাকী বেটছমেনসকলে বিশেষ সফলতা লসাভ নকৰিলে ৷মাৰ্ক চেপমেনে ৪৬ ৰান সংগ্ৰহ কৰে। নিউজিলেণ্ড ২৩২ ৰানত অল আউট হৈছিল।