কংগ্ৰেছে কৰ্ণাটকক ভাৰতৰ পৰা “বিচ্ছিন্ন” কৰাৰ বাবে মুকলিকৈ পোষকতা কৰাৰ অভিযোগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্থাপন কৰাৰ এদিন পিছত ভাৰতীয় জনতা পাৰ্টিয়ে ভাৰতৰ নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰি কংগ্ৰেছ আৰু প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৷
যোৱা ৬ মে’ত ছোনিয়া গান্ধীয়ে এক টুইটত লিখিছিল –“কংগ্ৰেছে কৰ্ণাটকৰ সুনাম, সাৰ্বভৌমত্ব বা অখণ্ডতাৰ প্ৰতি কাকো ভাবুকি কঢ়িয়াই আনিবলৈ নিদিয়ে।“এই টুইটক লৈ ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপিয়ে ৷
নির্বাচন আয়োগলৈ লিখা পত্ৰখনত বিজেপিয়ে কয় -“এনে টুইট কৰ্ণাটকৰ কঠোৰ জাতীয়তাবাদী, শান্তিপ্ৰেমী, প্ৰগতিশীল আৰু বিশ্বব্যাপী স্বীকৃতিপ্ৰাপ্ত জনসাধাৰণক উত্তেজিত কৰাৰ বাবে সুবিবেচিত এক নিকৃষ্ট পন্থা ৷ কেৱল ভোট আহৰণ আৰু কিছুমান নিৰ্বাচিত সম্প্ৰদায় বা গোটৰ সমৰ্থন বাবে কৰ্ণাটকৰ সমতা, সমন্বয় আৰু শান্তি বিঘ্নিত কৰা ই ইয়াৰ উদ্দেশ্য আৰু ভাৰতীয় ৰাষ্ট্ৰৰ সত্তাটোক বিঘ্নিত কৰাৰ মানসিকতা ।’
গান্ধীৰ এই মন্তব্যক “দুৰ্ভাগ্যজনক আৰু অনুপযুক্ত” বুলি অভিহিত কৰি বিজেপিয়ে কয়, “যিসকলে ভাৰতৰ স্বাধীনতা আন্দোলনৰ ক্ষেত্ৰত আগৰণুৱা আছিল আৰু যিসকলে স্বাধীনতাৰ পিছৰ কলা, সংস্কৃতি, শিক্ষা আদিক আগবঢ়াই নিছে তেওঁলোকক অপমান কৰা হৈছে ৷”
বিজেপিৰ পত্ৰখনত কোৱা হৈছে যে কৰ্ণাটক ভাৰতৰ এখন অতি গুৰুত্বপূৰ্ণ সদস্য ৰাজ্য আৰু এনে এখন সদস্য ৰাজ্যৰ সাৰ্বভৌমত্ব ৰক্ষাৰ যিকোনো আহ্বান বিচ্ছিন্নতাৰ আহ্বানৰ সমান আৰু ই বিপদজনক ৷