কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে নিজৰ দলটোৱে জয়লাভ কৰিব নোৱাৰিলেও সোমবাৰে ইডেনত ব্যক্তিগত কৃতিত্ব অৰ্জন কৰে শিখৰ ধাৱানে। পাঞ্জাব কিংছৰ অধিনায়কগৰাকীয়ে স্পর্শ কৰিলে বিৰাট কোহলী আৰু ডেভিদ ৱাৰ্নাৰৰ অভিলেখ ৷
কেকেআৰৰ বিৰুদ্ধে ৫৭ ৰান সংগ্ৰহ কৰি অ’পেনিং কৰে ধাৱানে। ৯ টা ফ’ৰ আৰু ১ ছিক্সৰ সহায়ত তেওঁৰ ৪৭ বলৰ ইনিংছত নজিৰ গঢ়ি তুলিছিল। তেওঁ আই পি এলত ৫০টা অর্ধশতক অর্জন কৰা তৃতীয়জন ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়। তেওঁৰ পূৰ্বে এই মাইলৰ খুঁটি স্পৰ্শ কৰিছে দুজন বেটছমেনে। তেওঁলোক হৈছে কোহলী আৰু ৱাৰ্নাৰ। এই আই পি এলত আঠখন মেচ খেলি ধাৱনে তিনিটা অর্ধশতক অৰ্জন কৰিছে।
কান্ধৰ আঘাতৰ বাবে এই প্ৰতিযোগিতাত তিনিখন মেচ খেলিব নোৱাৰিলে ধাৱানে। এতিয়ালৈকে তেওঁৰ সংগ্ৰহ কৰিছে ৩৪৯ ৰান । সৰ্বোচ্চ অপৰাজিত ৰাণৰ পৰিমান ৯৯। পঞ্জাৱৰ অধিনায়কগৰাকীয়ে গড় ৰান ৫৮.১৭। ষ্ট্ৰাইক ৰেট ১৪৩.৬২।
আই পি এলত সৰ্বাধিক অৰ্ধশতক অৰ্জন কৰিছে ৱার্ণাৰে। দিল্লী কেপিটেলছৰ অধিনায়কগৰাকীয়ে এই পৰ্যন্ত ৫৭টা অর্ধশতক অর্জন কৰিছে। ইমান দিনে দ্বিতীয় স্থানত আছিল কোহলী। সোমবাৰে তেওঁক স্পৰ্শ কৰে ধাৱানে। দুয়োৰে আই পি এলতঅর্ধশতকে সংখ্যা ৫০টা । কোহলীয়ে এই পৰ্যন্ত ২৩৩খন খেল খেলিছে। ধাৱানৰ খেলৰ সংখ্যা ২১৪খন। ইয়াৰ পিছতে আন দুজন বেটছমেনে অর্জন কৰিছে ৪০টাকৈ অর্ধশতক ৷ তেওঁলোক হ’ল এ বি ডি ভিলিয়াৰ্ছ আৰু ৰোহিত শৰ্মা।