আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক যৌন নিৰ্যাতনৰ গোচৰত দোষী সাব্যস্ত কৰা হৈছে। একে সময়তে ৫ কোটি ডলাৰৰ জৰিমনাও আৰোপ কৰা হৈছে। ভাৰতীয় মুদ্ৰাত এই পৰিমাণ প্ৰায় ৪১ কোটি ৪ লাখ ৬০ হাজাৰ টকা। আমেৰিকাৰ লেখক ই জিন কেৰলে ২০১৯ চনত প্ৰকাশিত এখন কিতাপত ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। ১৯৯৬ চনত মানহাটানৰ এখন ডিপাৰ্টমেণ্ট ষ্ট’ৰত ড’নাল্ডে তেওঁক ধৰ্ষণ কৰা বুলি দাবী কৰে । ট্ৰাম্পৰ বিৰুদ্ধে আদালততো আৰম্ভ হৈছিল যৌন নিৰ্যাতনৰ গোচৰ।
কিন্তু ট্ৰাম্পে বাৰে বাৰে কেৰলৰ অভিযোগ মিছা বুলি দাবী কৰি আহিছে। চলিত বৰ্ষৰ ২৫ এপ্ৰিলৰ পৰা এই গোচৰৰ শুনানি আৰম্ভ হৈছে। মঙলবাৰে এই গোচৰৰ ৰায় ঘোষণা কৰে ৯ জনীয়া ৰাজহুৱা আদালতৰ জুৰীয়ে। তেওঁলোকে ড’নাল্ডক দোষী সাব্যস্ত কৰিলে। কিন্তু ড’নাল্ডক ধৰ্ষণৰ বাবে নহয়, কেৰলৰ মানহানিৰ বাবে জৰিমনা বিহা হৈছিল। আদালতৰ নিৰ্দেশ অনুসৰি ক্ষতিপূৰণ হিচাপে কেৰলক ৫ কোটি ডলাৰ দিব লাগিব ট্ৰাম্পে।
আদালতৰ তথ্য অনুসৰি, ট্ৰাম্পৰ বিৰুদ্ধে অপৰাধ আদালতৰ পৰিৱৰ্তে ৰাজহুৱা আদালতত যৌন নিৰ্যাতনৰ গোচৰ ৰুজু হোৱাত কেৰলৰ অভিযোগ খাৰিজ কৰা হয়।স্থানীয় সংবাদ সংস্থাটোৰ মতে শুনানিৰ সময়ত ট্ৰাম্প আদালতত উপস্থিত নাছিল। ট্ৰাম্পে অৱশ্যে দাবী কৰে যে তেওঁ কেৰলক চিনি নাপায়। আনকি তেওঁৰ বিৰুদ্ধে উত্থাপিত ধৰ্ষণৰ অভিযোগো মিছা বুলি দাবী কতৰে । ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে তেওঁৰ নামত ভুৱা নিন্দা বিয়পি থকা বুলিও দাবী কৰে ট্ৰাম্পে।
কেৱল কেৰলেই নহয়, পৰ্ণ ষ্টাৰ ষ্টৰ্মি ডেনিয়েলছৰ নামো ট্ৰাম্পৰ সৈতে জড়িত। পৰ্ণ তাৰকা ষ্টৰ্মিক তেওঁৰ যৌন সম্পৰ্কৰ বিষয়ে মুকলিকৈ নক’বলৈ উৎকোচ দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল ট্ৰাম্প। আমেৰিকাৰ আইন অনুসৰি ট্ৰাম্পক সকলো অভিযোগত দোষী সাব্যস্ত হ’লে ১৩৬ বছৰৰ কাৰাদণ্ড বিহা হ’ব পাৰে।
ষ্টৰ্মীয়ে দাবী কৰে যে ২০০৬ চনত তেওঁৰ আৰু ট্ৰাম্পৰ মাজত শাৰীৰিক সম্পৰ্ক আছিল। ইয়াৰ পিছত ২০১৬ চনত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে ট্ৰাম্পে মুখ বন্ধ কৰি ৰাখিবলৈ ১ লাখ ৩০ হাজাৰ ডলাৰ উৎকোচ দিছিল। ট্ৰাম্পৰ প্ৰাক্তন অধিবক্তা মাইকেল কোহেনে দাবী কৰে যে তেওঁৱেই ট্ৰাম্পৰ হৈ ষ্টৰ্মি আৰু আন এগৰাকী মডেল কেৰেনক ধন প্ৰদান কৰিছিল। অৱশ্যে এই অভিযোগ অস্বীকাৰ কৰে ট্ৰাম্পে।