পাকিস্তানৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী তথা ইমৰাণ খানৰ ঘনিষ্ঠ বন্ধু শ্বাহ মেহমুদ কুৰেশ্বীক বুধবাৰে মাজনিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। পাকিস্তান তেহৰিক-ই-ইনছাফে তেওঁক গ্ৰেপ্তাৰৰ এটা ভিডিঅ’ প্ৰকাশ কৰিছে । ভিডিঅ’টোত কুৰেছীক সাধাৰণ কাপোৰ পিন্ধি কেইবাজনো লোকে লৈ যোৱা দেখা গৈছে। যোৱাৰ সময়ত কুৰেশ্বীয়ে পিটিআইৰ সমৰ্থকসকলক হাত জোকাৰি অভিবাদন জ্ঞাপন কৰে । পিটিআইয়ে দাবী কৰে যে কুৰেশ্বীক গ্ৰেপ্তাৰ কৰাৰ পিছত ক’লৈ লৈ যোৱা হৈছিল সেই সম্পৰ্কে আৰক্ষীয়ে বিশেষ একো কোৱা নাই। পিটিআই সমৰ্থকৰ মতে তেওঁক গোপন স্থানলৈ স্থানান্তৰ কৰা হৈছে।
ইয়াৰ উপৰিও পিটিআইয়ে দাবী কৰে যে ইয়াৰ অধ্যক্ষ মুছাৰাট ছিমা আৰু চিনেটৰ এজাজ চৌধাৰীক ইছলামবাগৰ পৰা পাক ৰেঞ্জাৰসকলে অপহৰণ কৰিছিল। স্থানীয় একাংশ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ইছলামবাগৰ গিলগিট-বাল্টিস্তান হাউছৰ পৰা আৰক্ষীয়ে কুৰেশ্বীক নিজৰ জিম্মাত লৈছিল। পিটিআইৰ উপ-সভাপতি ফাৱাদ চৌধাৰীক গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰ উপৰিও দলৰ প্ৰধান সম্পাদক আছাদ উমৰ আৰু পিটিআইৰ আন পাঁচজন নেতাক গ্ৰেপ্তাৰ কৰা হৈছে।
যোৱা মঙলবাৰে গ্ৰেপ্তাৰ হৈছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা পিটিআইৰ মুৰব্বী ইমৰাণ খানক । ইমৰানক অৰ্ধসামৰিক বাহিনীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছৰে পৰা পাকিস্তানত জুই জ্বলি উঠিছে। বুধবাৰে দেশৰ দুৰ্নীতি বিৰোধী আদালতে ইমৰানক ৮ দিনৰ বাবে দুৰ্নীতি বিৰোধী সংস্থাটোৰ জিম্মালৈ প্ৰেৰণ কৰে।
ইমৰাণক গ্ৰেপ্তাৰ কৰাৰ পিছৰে পৰা পাকিস্তানত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দেশৰ বিভিন্ন প্ৰান্তত পিটিআই সমৰ্থকে পৰিস্থিতি উত্তপ্ত কৰি তোলে ৷ আনকি সেনাৰ কাৰ্যালয়তো আক্ৰমণ কৰি জুই লগাই দিয়া হয়। সমগ্ৰ দেশতে ইমৰানক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে প্ৰতিবাদত নিৰাপত্তা বাহিনী আৰু পিটিআই সমৰ্থকৰ মাজত সংঘৰ্ষত মৃত্যু হয় ৮ জন লোকৰ। তিনি শতাধিক লোক আহত হয়। পৰিস্থিতি তীব্ৰতৰ হোৱাৰ লগে লগে ইছলামবাদ, পঞ্জাৱ, খাইবাৰ পখতুনখোৱা আৰু বেলুচিস্তানত সৈন্য মোতায়েন কৰা হয়।