যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ সভাপতি ব্ৰিজভূষণ চৰণ সিঙক গ্ৰেপ্তাৰ কৰাৰ দাবীত দিল্লীৰ যন্তৰ মন্তৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে মল্লযুঁজাৰুসকলে। বজৰং পুনিয়া, সাক্ষী মালিক, বিনেশ ফোগাটে অভিযোগ কৰে যে ব্ৰিজভূষণৰ বিৰুদ্ধে একাধিক প্ৰমাণ পোৱাৰ পিছতো চৰকাৰে একো ব্যৱস্থা গ্ৰহণ কৰা নাই। এইবাৰ সাক্ষী, বিনেশে বিজেপিৰ মহিলা সাংসদসকলৰ কাষ চাপিছে
৷যন্তৰ মন্তৰত এখন সংবাদমেলযোগে বিনেশে কয় “ আমি ২২ দিন অনশন কৰি আছো। কিন্তু বিজেপিৰ এগৰাকী মহিলা সাংসদ আমাৰ ওচৰলৈ নাহিল। গতিকে আমি ইমেইল আৰু চিঠিৰ জৰিয়তে ৪৩ গৰাকী মহিলা সাংসদৰ ওচৰত আমাৰ আবেদন জনাইছিলো। আশা কৰো এইবাৰ তেওঁলোক আমাৰ লগত থাকিব।“
বিনেশে আৰু অভিযোগ কৰে যে চৰকাৰখন সকলো জানিও অন্ধ আৰু বধিৰৰ ভাও ধৰিছে । তেওঁ কয়, ‘চৰকাৰে বেটি পঢ়াও বেটি বাচাওৰ কথা কয়। আমিও ছোৱালী। আমাৰ লগত অন্যায় কৰা হৈছে। তাৰ যথেষ্ট প্ৰমাণ মই দিছো। চৰকাৰৰ ওচৰত আবেদন কৰিছো। কিন্তু চৰকাৰ অন্ধ আৰু বধিৰ। হয়তো ব্ৰিজভূষণৰ শক্তিৰ বাবে সকলোৱে নিমাত হৈ আছে। কিন্তু আমাৰ আন্দোলন চলি থাকিব।“
ইফালে ভাৰতীয় অলিম্পিক সন্থাই আগবাঢ়ি আহিছে। মল্লযুঁজৰ সংগঠন পৰিচালনাৰ দায়িত্ব লৈছে। ১২ মে’ত অলিম্পিক সংগঠনটোৱে এখন পত্ৰযোগে মল্লযুঁজ সংগঠনটোৰ সকলো দায়িত্ব ল’ব বুলি উল্লেখ কৰে। সংগঠনটোৰ সকলো নথি-পত্ৰ তেওঁলোকৰ ওচৰত জমা দিবলৈ অনুৰোধ জনোৱা হৈছে। এই পদক্ষেপক মল্লযুঁজাৰুসকলে আদৰণি জনায়। তেওঁলোকে এইবাৰ ন্যায় পাব বুলি আশা কৰিছে। বজৰঙে কয়, “এয়া আমাৰ ন্যায়ৰ পথৰ প্ৰথম পদক্ষেপ।আমাৰ যুঁজখন মাত্ৰ আৰম্ভ হৈছে। ন্যায় নোপোৱালৈকে সেই যুঁজখন চলি থাকিব।”
অলিম্পিক সংস্থাটোৱে কয় যে তেওঁলোকৰ তিনিজনীয়া কমিটীয়ে এতিয়াৰ বাবে সকলো কাম চম্ভালিব। আগন্তুক ৪৫ দিনৰ ভিতৰত মল্লযুঁজৰ সংগঠনত নতুন সমিতি গঠন কৰা হ’ব। ইয়াৰ পিছত সেই কমিটীৰ হাতত ক্ষমতা অৰ্পণ কৰা হ’ব।