উৰণৰ সময়ত হোৱা তীব্ৰ জোকৰণিৰ বাবে আজি আহত হয় এয়াৰ ইণ্ডিয়া বিমানৰ কেইবাজনো যাত্ৰী ৷ দিল্লীৰ পৰা ছিডনী অভিমুখে এয়াৰ ইণ্ডিয়াৰ বিমানখন উৰণৰ সময়তে এই দূর্ঘটনা সংঘটিত হয় ।
নিউজ এজেন্সি এ এন আইয়ে প্ৰকাশ কৰা অনুসৰি ছিডনী অভিমুখী এয়াৰ ইণ্ডিয়া বিমানখনত বহু যাত্ৰী আহত হয়। যান্ত্ৰিক সমস্যাৰ বাবে বিমানখন আকাশৰ মাজত জোকাৰি গৈছিল বুলি অনুমান কৰা হৈছে। এই জোকাৰণিৰ ফলত যাত্ৰীসকলক আসনৰ পৰা ইফালে সিফালে চিটিকি পৰে ৷ ফলত বহুতে আঘাত পায়।
ছিডনীত অৱতৰণ কৰাৰ পিছত আহত যাত্ৰীসকলক বিমানবন্দৰত চিকিৎসা প্ৰদান কৰা হয়। সংবাদ মাধ্যমৰ সূত্ৰই দাবী কৰিছে যে কোনো যাত্ৰীক চিকিৎসালয়লৈ প্ৰেৰণ কৰিব লগীয়া হোৱা নাই ৷
অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ তথ্য অনুসৰি বিমানখনৰ ৭ জন যাত্ৰী আহত হয়। চিকিৎসক আৰু বিমান পৰিচাৰিকাই তেওঁলোকক বিমানত প্ৰাথমিক চিকিৎসা প্ৰদান কৰে। পিছত বিমানবন্দৰতো চিকিৎসাৰ ব্যৱস্থা কৰা হয়। কোনো লোকৰ আঘাত গুৰুতৰ বুলি ধাৰণা কৰা হোৱা নাই। অৱশ্যে আকাশৰ মাজতে বিমানখনত জোকাৰণিৰ সৃষ্টি হোৱাত আতংকিত হৈ পৰে যাত্ৰীসকল।
চলিত বৰ্ষৰ মাৰ্চ মাহত আমেৰিকাৰ ব্যক্তিগত জেট বিমানত একেধৰণৰ ঘটনা সংঘটিত হৈছিল। সেইবাৰ বিমানখনত জোকাৰণিৰ বাবে এজন যাত্ৰীৰো মৃত্যু হয়। যিটো যথেষ্ট বিৰল। ধুমুহাৰ বাবে পাইলটে ব্যক্তিগত জেট বিমানখন অন্য বিমানবন্দৰত অৱতৰণ কৰিবলৈ বাধ্য হয়।