অসহ্য গৰমত ভোকত থাকিলেও অফিচ-ৰন্ধা-খোৱা কোনোটোৱেই বাদ দিব নোৱাৰি। কামৰ বাবে ঘৰৰ বাহিৰলৈ ওলাই যোৱাৰ বাহিৰে আন কোনো বিকল্প নাই। প্ৰচণ্ড গৰমৰ ঘাম ওলোৱাৰ বাবে অস্বস্তি বাঢ়িছে। এনে পৰিস্থিতিত কোনোবাই পাচনতন্ত্ৰৰ সমস্যাত ভুগিছে, কোনোবাই অতিৰিক্ত ভাগৰুৱা হৈ পৰিছে। এই সময়ত শৰীৰটো শীতল কৰি ৰাখিব বিচাৰিলে খাদ্য তালিকাত কিছু সালসলনি কৰাটো প্ৰয়োজনীয় । কি কি খাদ্য অন্তর্ভুক্ত কৰিব খাদ্যৰ তালিকাত ৷
১) দৈঃ গ্ৰীষ্মকালত দৈৰ বিকল্প নাই। গৰমৰ দিনত জলপানৰ সৈতে দৈ, জামুৰ সৈতে দৈ বা দৈৰ সৈতে ফলৰ মিশ্ৰন খাব পাৰে। দুপৰীয়াৰ আহাৰ খোৱাৰ পিছত টেঙা দৈ খাব লাগে। দৈ চাভাতো খাব পাৰে ৷ দৈয়ে শৰীৰক শীতল কৰি ৰখাত সহায় কৰে। দৈ খালে অন্যান্য পুষ্টিকৰ উপাদানৰ লগতে প্ৰটিনও পোৱা যায়। ইয়াৰ উপৰিও দৈ, লাচী দৈনিক খাদ্যত ৰাখিব পাৰে।
২) পদিনাঃ গৰমৰ দিনত পেট ঠাণ্ডা কৰি ৰাখিবলৈ পদিনা খাব পাৰে। পদিনা চাটনি বনাই পৰঠাৰ লগত খাব। অথবা দুপৰীয়া লাচী বনালে তাত পদিনা পাত দিব পাৰে। যিকোনো চৰবত পদিনাৰ সৈতে খাব। সাধাৰণ পানীত পদিনা পাত আৰু নেমু কিছু দিও ডিটক্স ড্ৰিংক বনাব পাৰে। এই পানীয়ে হজম শক্তি উন্নত কৰাত সহায় কৰে আৰু পেটৰ বাবেও স্বাস্থ্যকৰ।
৩) নেমুৰ চৰবতঃ ৰ’দৰ পৰা আহি জিৰণি লৈ শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰিবলৈ কিছু সময় লওক। ইয়াৰ পিছত নেমু আৰু সামান্য নিমখ দি প্ৰস্তুত কৰা চৰবত খাব পাৰে। হজম শক্তিৰ উপৰিও এই চৰবতে ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰিব।
৪) তিয়ঁহ: যিকোনো বতৰত তিয়ঁহ খালে স্বাস্থ্যকৰ। কিন্তু তিয়ঁহৰ চালাড বিশেষকৈ গ্ৰীষ্মকালত খাব লাগে। শৰীৰক শীতল কৰি ৰাখে, পানীলগা ৰোধ কৰে আৰু ওজন নিয়ন্ত্ৰণৰ বাবেও ফলপ্ৰসূ।
৫) তৰমুজঃ গৰমৰ দিনত তৰমুজ বেছিকৈ খাব লাগে। খাবলৈ যিমান সুস্বাদু, স্বাস্থ্যৰ বাবেও উপকাৰী। তৰমুজৰ চৰবত, তৰমুজৰ ৰস, তৰমুজৰ চালাড – নিজৰ ইচ্ছামতে খাব।