অসমৰ জাতীয় চেতনাক মহীয়ান কৰি যোৱা বিশিষ্ট সাংবাদিক পৰাগ কুমাৰ দাসৰ আজি মৃত্যতিথি পৰাগ কুমাৰ দাসৰ ২৭ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে ভিন্ন স্থানত সাংবাদিক গৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰা হয় । ১৯৯৬ চনৰ ১৭ মে’ তাৰিখে আততায়ীৰ হাতত প্ৰাণ হেৰুৱাইছিল এইগৰাকী নিৰ্ভীক-নিৰপেক্ষ সাংবাদিকে। আজি ২৭ সংখ্যক মৃত্যু বাৰ্ষিকীত সাংবাদিক গৰাকীক সোঁৱৰিছে ৰাজ্যবাসীয়ে ৷ পৰাগ কুমাৰ দাস আছিল অসমীয়া প্ৰতিদিনৰ প্ৰাক্তন সম্পাদক, এগৰাকী সাংবাদিক, মানৱ অধিকাৰ কৰ্মী আৰু অসমৰ মানৱ অধিকাৰ আন্দোলনৰ অন্যতম প্ৰতিষ্ঠাপক।
পৰাগ কুমাৰ দাস মানব অধিকাৰ সংগ্ৰাম সমিতিৰ প্ৰতিষ্ঠাপক নেতাও আছিল। তাৰ আগতে পৰাগ কুমাৰ দাস গুৱাহাটী ষ্টক এক্সচেঞ্জৰ মেনেজাৰ আছিল।দিল্লীৰ ছেইণ্ট ষ্টিফেনছ কলেজ আৰু দিল্লী স্কুল অৱ ইকনমিক্সত অধ্যয়ন কৰা দাসে নিজৰ কলেমেৰে অসমীয়া জাতীয় চেতনা জাগ্ৰত কৰাই নহয় অসমৰ অর্থনীতিক আগুৱাই নিয়াৰ বাবেও তেও দেখিছিল সপোন ৷
১৯৬১ চনৰ ২৪ ফেব্ৰুৱাৰীত শিলচৰত জন্মগ্ৰহণ কৰা পৰাগ কুমাৰ দাসে নিম্ন প্ৰাথমিক, প্ৰাথমিক আৰু হাইস্কুলীয়া শিক্ষা চেনিকুঠী বালক বিদ্যালয়, এম.চি.এম.ই. স্কুল আৰু কটন কলেজিয়েট পৰা গ্ৰহণ কৰে ৷ ১৯৭৭ চনত তেওঁ মেট্ৰিক পৰীক্ষাত ৪ৰ্থ স্থান লাভ কৰে। লগতে কটন কলেজৰ পৰা বিজ্ঞান শাখাত প্ৰি-ইউনিভাৰ্চিটি পৰীক্ষাত ৪ৰ্থ স্থান লাভ কৰে। তাৰ পিছত তেওঁ উচ্চ শিক্ষাৰ বাবে দিল্লীলৈ গুচি যায়। অৰ্থনীতিত স্নাতক ডিগ্ৰী লাভৰ বাবে তেওঁ ছেইণ্ট ষ্টিফেন কলেজত নামভৰ্তি কৰে। ইয়াৰ পিছত তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ দিল্লী স্কুল অৱ ইকনমিক্সত স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে যোগদান কৰে।
১৯৮৪ চনত তেওঁ পঞ্জাৱ নেচনেল বেংকত মেনেজাৰ হিচাপে যোগদান কৰে। ইয়াৰ পিছত তেওঁ ইউনিট ট্ৰাষ্ট আৰু গুৱাহাটী ষ্টক এক্সচেঞ্জত জেনেৰেল মেনেজাৰ হিচাপে নিযুক্তি লাভ কৰে। ১৯৯৫ চনত চাকৰি ত্যাগ কৰি অসমীয়া প্ৰতিদিনত সম্পাদক হিচাপে যোগদান কৰে।
পৰাগ কুমাৰ দাসে ৮০ৰ দশকৰ শেষৰ ফালে প্ৰান্তিক আৰু দ্য চেণ্টিনেল (অসমৰ গুৱাহাটীৰ পৰা প্ৰকাশিত ইংৰাজী দৈনিক কাকত)ত সাংবাদিকতা আৰম্ভ কৰিছিল। পিছলৈ ১৯৮৯ চনত দাসে বুধবাৰ নামৰ অসমীয়া সাপ্তাহিক কাকতখন প্ৰকাশ কৰে।
১৯৯৬ চনৰ ১৭ মে’ৰ বিয়লি গুৱাহাটীৰ চান্দমাৰীত নিজৰ কণমানি পুত্ৰক স্কুলৰ পৰা নিবলৈ অহাৰ সময়ত দাসক দিন দুপৰতে গুলীয়াই হত্যা কৰে ৷তেওঁৰ মুকলি হত্যাকাণ্ডই সমগ্ৰ অসমৰ লগতে দেশৰ মানৱ অধিকাৰ মহলত বিপুল ক্ষোভৰ সৃষ্টি কৰিছিল।এই গৰাকী সাহসী সাংবাদিকৰ লেখনিয়ে আজিও উদ্বুদ্ধ কৰে অসমীয়া জাতিক ৷