কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব সিদ্দাৰামায়া। উপ-মুখ্যমন্ত্ৰীৰ দায়িত্ব লাভ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰে। কৰ্ণাটক বিধানসভা নিৰ্বাচনত জয়লাভৰ ৫ দিনৰ পাছত বৃহস্পতিবাৰে কংগ্ৰেছ হাইকমাণ্ডক এই কথা অৱগত কৰে এআইচিচিৰ সাধাৰণ সম্পাদক (সংগঠন) কেচি বেনুগোপালে। তেওঁ কয় যে উপ-মুখ্যমন্ত্ৰী পদৰ উপৰিও শিৱকুমাৰৰ ৰাজ্যিক কংগ্ৰেছৰ সভাপতিৰ পদও অক্ষুণ্ণ থাকিব ৷
শিৱকুমাৰে বৃহস্পতিবাৰে সন্ধিয়া ৭ বজাত কৰ্ণাটকৰ নৱনিৰ্বাচিত কংগ্ৰেছ বিধায়কসকলৰ বৈঠক আহ্বান কৰিছে। সিদ্দাৰামায়াৰ নাম তাত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব ৷ শিৱকুমাৰে বৃহস্পতিবাৰে টুইট কৰি কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ সৈতে তেওঁ আৰু সিদ্দাৰামায়াৰ এখন ছবি টুইট কৰে। তেওঁ টুইটাৰত লিখিছে, ‘কৰ্ণাটকৰ সুৰক্ষিত ভৱিষ্যত আৰু আমাৰ জনসাধাৰণৰ কল্যাণ আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ। আৰু আমি ইয়াৰ নিশ্চয়তা দিবলৈ একত্ৰিত হৈছো।” কংগ্ৰেছৰ এক সূত্ৰই কয় যে অহা শনিবাৰে নতুন চৰকাৰে শপত গ্ৰহণ কৰিব পাৰে।
কংগ্ৰেছৰ এক সূত্ৰই পূৰ্বে জনাইছিল যে অৱশেষত কৰ্ণাটকৰ ৰাজস্থান আৰু ছত্তীশগড়ৰ ‘মডেল’ অনুসৰণ কৰিব পাৰে হাইকমাণ্ডে। সিদ্দাৰমাইয়াক মুখ্যমন্ত্ৰী আৰু শিৱকুমাৰক উপ-মুখ্যমন্ত্ৰী পদ দিব পাৰে। সেই ভৱিষ্যদ্বাণী বৃহস্পতিবাৰে সঁচা হ’ল।
২০১৮ চনত ৰাজস্থানত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ পিছত অশোক গেহলটক মুখ্যমন্ত্ৰী আৰু তেতিয়াৰ ৰাজ্যিক কংগ্ৰেছৰ সভাপতি শচীন পাইলটক উপ-মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয়। চৰকাৰত গুৰুত্ব নাপাই পাইলটে বিদ্ৰোহ কৰিলে। আনহাতে, ছত্তীশগড় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেশ বাঘেলক মুখ্যমন্ত্ৰী আৰু বিদায়ী বিৰোধী দলপতি টি এছ সিংহদেওক কেবিনেট মন্ত্ৰী প্ৰদান কৰা হয় ৷ কংগ্ৰেছৰ সূত্ৰ অনুসৰি সৰগুজাৰ ৰাজপৰিয়ালৰ সদস্য সিংহদেওক ডেৰ-দুবছৰৰ মূৰত মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। কিন্তু বাঘেলে মুখ্যমন্ত্ৰীৰ আসন এৰি দিবলৈ অমান্তি প্ৰকাশ কৰে ৷
২২৪খন আসনৰ কৰ্ণাটক বিধানসভাত কংগ্ৰেছে ১৩৫খন আসন লাভ কৰিছে। মিত্ৰশক্তিৰ ‘সৰ্বোদয় কৰ্ণাটক পক্ষ’ই ১খন আসনত জয়লাভ কৰে। দেওবাৰে নৱনিৰ্বাচিত কংগ্ৰেছ বিধায়কৰ বৈঠকত খৰ্গেক পৰৱৰ্তী মুখ্যমন্ত্ৰীক মনোনীত কৰাৰ দায়িত্ব দিয়া হৈছিল। ইয়াৰ উপৰিও মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সুশীলকুমাৰ শিণ্ডেৰ নেতৃত্বত ৩ জন কেন্দ্ৰীয় পৰ্যবেক্ষকক মুখ্যমন্ত্ৰী পদৰ বাবে তেওঁলোকৰ ‘পছন্দ’ জানিবলৈ ব্যক্তিগত পৰ্যায়ত বিধায়কৰ সৈতে আলোচনা কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। মঙলবাৰে দলটোৰ সৰ্বভাৰতীয় সভাপতিৰ ওচৰত এই প্ৰতিবেদন দাখিল কৰা হয়। এআইচিচিৰ এক সূত্ৰই জনোৱা মতে, গৰিষ্ঠসংখ্যক বিধায়কে সিদ্দাৰামায়াক মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছিল।