এতিয়াৰে পৰা নিজৰ ইচ্ছা অনুসৰি এতিয়াৰে পৰা পোছাক পৰিধান কৰি বিদ্যালয়লৈ আহিব নোৱাৰিব ৰাজ্যৰ শিক্ষক ৷ এইক্ষেত্ৰত কেতবোৰ নির্দেশনা প্ৰদান কৰিছে ৷ বিদ্যালয় শিক্ষা বিভাগৰ সচিবে প্ৰদান কৰা নির্দেশনা অনুসৰি শিক্ষকসকলে ফর্মেল পেণ্ট-ফর্মেল ছার্ট পিন্ধি আহিব লাগিব ৷ বিদ্যালয়লৈ তেওঁলোকে জিনছ –টিছার্ট আদিৰ দৰে কেজুৱেল পোছাক পৰিধান কৰি আহিব নোৱাৰিব ৷ সেইদৰে শিক্ষিয়িত্ৰীয়ে পৰিধান কৰিব লাগিব মেখেলা চাদৰ অথবা চেলোৱাৰ অথবা শাৰী ৷ জিনছ –টিছার্ট-লেগিনছ্ আদি পৰিধান কৰিব নোৱাৰিব শিক্ষয়িত্ৰীয়ে ৷ বিদ্যালয়ত শিক্ষক- শিক্ষয়িত্ৰীয়ে পৰিধান কৰিব নোৱাৰিব পার্টীৱেৰ ৷ ইয়াৰ বিপৰীতে পাতল ৰঙৰ পৰিষ্কাৰ-পৰিপাটী-মার্জিত পোছাকহে পৰিধান কৰিব পাৰিব ৷ এই নিয়ম নামানিলে শিক্ষাগুৰুৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও উল্লেখ কৰা হৈছে নির্দেশনাত ৷ ইপিনে শিক্ষকতাৰ বৃত্তিটোৰ প্ৰতি লক্ষ্য ৰাখি এই নির্দেশ দিয়া বুলিও বিভাগে প্ৰকাশ প্ৰকাশ কৰিছে ৷