শেহতীয়াকৈ বিশ্ব মঞ্চত দেশৰ নাম উজ্জ্বল কৰি তোলা ভাৰতীয় ছবিখন হৈছে এছ এছ ৰাজামৌলিৰ পৰিচালনাত নিৰ্মিত ‘আৰ আৰ আৰ’। গোল্ডেন গ্ল’বৰ পৰা একাডেমী বঁটালৈকে ‘আৰ আৰ আৰ’ৰ সফলতাৰ তালিকাত কেইবাটাও আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি আৰু সন্মান অন্তৰ্ভুক্ত কৰা হৈছে। অৱশ্যে এইবাৰ শোকৰ ছাঁ পৰিছে ‘আৰ আৰ আৰ’ শিবিৰত। ছবিখনৰ অন্যতম গুৰুত্বপূৰ্ণ অভিনেতা ৰে ষ্টিভেনছনৰ দেহাৱসান ঘটিছে ৷ । ছবিখনত তেওঁ গৱৰ্ণৰ স্কট বাক্সটনৰ চৰিত্ৰত অভিনয় কৰিছিল। ৫৮ বছৰ বয়সত মৃত্যু হয় অভিনেতাজনৰ। তেওঁৰ মৃত্যুৰ কথা নিশ্চিত কৰিছে তেওঁৰ মুখপাত্ৰই। অৱশ্যে অভিনেতাজনৰ মৃত্যু কেনেকৈ হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
১৯৬৪ চনত লিছবাৰ্নত জন্মগ্ৰহণ কৰিছিল ৰে ষ্টিভেনছনে। আইৰিছ অভিনেতাগৰাকীয়ে ব্ৰিটিছ টেলিভিছনৰ কামেৰে মনোৰঞ্জনৰ জগতখনত প্ৰৱেশ কৰে । ‘দ্য থিয়ৰী অৱ ফ্লাইট’ ছবিৰে হলিউডত আত্মপ্ৰকাশ কৰিছিল ষ্টিভেনছনে। তেওঁ জনপ্ৰিয় ৱেব ছিৰিজ ‘ৰোম’ত কাম কৰিছে। মাৰ্ভেলৰ বিখ্যাত ‘থ’ৰ’ ফ্ৰেঞ্চাইজিতো তেওঁক এছগাৰ্ডিয়ান যোদ্ধা হিচাপে দেখা গৈছিল। ‘আৰ আৰ আৰ’ ছবিখনত তেওঁ কমেডী চৰিত্ৰত অভিনয় কৰিছিল। গৱৰ্ণৰ স্কট বাক্সটনৰ চৰিত্ৰত তেওঁৰ অভিনয়ে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছিল।
ৰে ষ্টিভেনছনৰ মৃত্যুত সমগ্ৰ ‘আৰ আৰ আৰ’ দলটোৱে শোক প্ৰকাশ কৰিছে। ছ’চিয়েল মিডিয়া পেজত শোক প্ৰকাশ কৰি “আৰ আৰ আৰ” দলটোৱে লিখিছে, “কি কৰুণ খবৰ! অভিনেতা ৰে ষ্টিভেনছনে শান্তি লাভ কৰক। আপুনি সদায় আমাৰ হৃদয়ত থাকিব ছাৰ স্কট!” আৰ আৰ আৰৰ পৰিচালক এছ এছ ৰাজামৌলিয়েও অভিনেতাজনৰ মৃত্যুত শোক প্ৰকাশ কৰে। ৰাজামৌলীয়ে ছ’চিয়েল মিডিয়াত এখন ফটো পোষ্ট কৰি লিখিছে, ‘বহুত আশ্চর্যজনক, এই খবৰটো বিশ্বাস কৰিব পৰা নাই। সদায় নিজৰ উল্লাসিত আৰু সজীৱ ব্যক্তিত্বৰে চেটলৈ আহিছিল। বাকী সকলোৱে তেওঁৰ পৰা অনুপ্ৰাণিত হৈছিল। তেওঁৰ লগত কাম কৰি ভাল লাগিল। তেওঁৰ পৰিয়ালৰ বাবে প্ৰাৰ্থনা। তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক।”