এই মুহূৰ্তত দেশৰ অন্যতম চৰ্চিত বিষয় হৈছে ‘দ্যা কেৰালা ষ্টৰী’। সুদীপ্ত সেনৰ পৰিচালিত এই ছবিখনে মনোৰঞ্জনৰ সীমা অতিক্ৰম কৰি ৰাজনীতিৰ বিষয় হৈ পৰিছে । তামিলনাডু, কেৰালা, পশ্চিম বংগৰ দৰে ৰাজ্যই ছবিখনক সমালোচনা কৰে। মমতা বেনাৰ্জীয়ে পশ্চিম বংগত এই ছবিখন নিষিদ্ধ কৰিছিল। আনহাতে, বিজেপি শাসিত ৰাজ্যসমূহত ছবিখনে ভাল ব্যৱসায় কৰিবলৈ সক্ষম হৈছে ৷ হাৰিয়ানা, মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যত কৰ ৰেহাই দিয়া হৈছে ছবিখন। এই ছবিখনে বিতৰ্কৰ লগত সংগতি ৰাখি সফলতাৰ দিশে আগবাঢ়িছে ৷ ছবিখনে উপার্জনৰ ফালৰ পৰা ২০০ কোটি অতিক্ৰম কৰিছে ৷
সোমবাৰে প্ৰকাশ পোৱা খবৰ অনুসৰি ছবিখনে প্ৰায় ২০০ কোটিৰ সীমা অতিক্ৰম কৰিছে। মুক্তিৰ ১৭ সংখ্যক দিনটোতে ছবিখনে ১৯৮.৯৭ কোটি টকা উপাৰ্জন কৰে। যোৱা তিনিদিনত ছবিখনৰ বক্স অফিচত উপাৰ্জনৰ প্ৰতিবেদন অনুসৰি শুকুৰবাৰে ছবিখনে ৬.৬০ কোটি, শনিবাৰে ৯.১৫ কোটি আৰু দেওবাৰে ১১.৫০ কোটি টকা উপাৰ্জন কৰে। মুঠতে সোমবাৰে এই ছবিখনে মুঠ ২০০ কোটি টকা অতিক্ৰম কৰে ৷
এই বছৰত সৰ্বাধিক উপাৰ্জন কৰা হিন্দী ছবি পাঠান। দীৰ্ঘদিন ধৰি দ্বিতীয় স্থানত আছিল ছলমান খানৰ চিনেমা ‘কিছি কা ভাই কিচি কি জান’। আদা শৰ্মাই অভিনীত ‘দ্য কেৰালা ষ্ট’ৰী’ সেই ছবিখনক অতিক্ৰম কৰি দ্বিতীয় স্থান দখল কৰে।