শেষ মুহূৰ্তলৈকে তীব্ৰ যুঁজ। শীতল মগজুৰে নিজকে শান্ত কৰি ৰখাৰ পিছতো হাৰ্দিক পাণ্ডিয়াই দলটো আইপিএলত জয় কৰিব নোৱাৰিলে। একেৰাহে দুবাৰকৈ ট্ৰফী তুলিব নোৱাৰিলেও হাৰ্দিকে দলটোক যিদৰে নেতৃত্ব দিছে, সেয়া স্পষ্ট হৈ পৰিছে যে অনাগত দিনত আই পি এলত তেওঁক অধিক শক্তিশালী ৰূপত দেখা পাব। অধিনায়কত্বত নতুন মাত্ৰা সংযোজন কৰিছে হাৰ্দিকে। বহুতে তেওঁক ৰাষ্ট্ৰীয় দলত ৰোহিতৰ উত্তৰাধিকাৰী হিচাপে বাছি লৈছে। কি কাৰণত তেওঁ মেচখনত হাৰিলেও নিজৰ অধিনায়কত্বৰ বাবে চর্চিত হৈছে ?
১) বুদ্ধিমান আৰু পৰিস্থিতিগত দল নিৰ্বাচনঃ
এই ক্ষেত্ৰত হাৰ্দিকে পূৰ্বৰ মহেন্দ্ৰ সিং ধোনীক অনুসৰণ কৰিছিল। দীৰ্ঘদিন ধৰি চেন্নাই দলৰ ধাৰাবাহিকতা আছে। বৰ্তমানৰ আই পি এলত ধোনীয়ে ১০ বাৰ অপৰিৱৰ্তিত দল খেলিবলৈ সক্ষম হৈছে। ইয়াৰ পৰাই বুজা যায় যে দলটোৰ ক্ৰিকেটাৰসকলৰ ওপৰত কিমান আস্থা আছে। হাৰ্দিকে হুবহু একেটা কথাকে অনুসৰণ কৰি আছে। দলৰ মূল খেলুৱৈসকলে বেয়াকৈ খেলক বা ভাল খেলক, হার্দিকে আত্মবিশ্বাস ৰাখিব বিচাৰে। গতিকে ঋদ্ধিমান সাহাই কিছুমান মেচত ভাল খেলিব নোৱাৰিলেও তেওঁক দলৰ পৰা বাদ দিয়া নহয়।
২) চতুৰ নেতৃত্বঃ
মেচৰ পৰিস্থিতি বিচাৰ কৰি খেলপথাৰৰ ব্যৱস্থা কৰাত বিশেষজ্ঞ হাৰ্দিক। বেটছমেনৰ দুৰ্বলতাৰ বিষয়ে হাৰ্দিকে আগতীয়াকৈ অধ্যয়ন কৰিছিল, কোনজন বেটছমেনে কোন দিশৰ পৰা শ্বট খেলি ভাল পায়। খেলৰ অন্তত তেওঁ বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰি খেলপথাৰ সলনি কৰে। ইয়াৰ বাহিৰেও বলাৰ সলনি কৰাৰ ক্ষেত্ৰত তেওঁৰ একেই মানসিকতাৰে সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷
৩) দলৰ ভিতৰত শান্ত পৰিৱেশঁ
ইয়াতো হাৰ্দিকে ধোনীক অনুসৰণ কৰিছিল । দলটো যিমানেই হেঁচাত নপৰক ধোনীয়ে শান্ত মগজুৰে সিদ্ধান্ত গ্ৰহণ কৰে ৷হাৰ্দিকৰো তেনেকুৱাই। দলৰ শ্ৰেষ্ঠ বলাৰজনে বেক টু বেক ছয় দিয়ক বা দলৰ শ্ৰেষ্ঠ বেটছমেন উভতি আহক, হাৰ্দিকৰ মানসিকতা একেই ৰাখে । বৰঞ্চ কান্ধত হাত থৈ বলাৰ বা বেটছমেনক শান্ত কৰিবলৈ চেষ্টা কৰে। এই ক্ষমতা হার্দিকৰ অন্তৰ্নিহিত।
৪) প্ৰতিজন সতীৰ্থক নিৰ্দিষ্ট কাম নিযুক্ত কৰাঃ
আধুনিক প্ৰযুক্তিৰ বাবে বিপক্ষ ক্ৰিকেটাৰৰ বিষয়ে উপযোগী তথ্য আগতীয়াকৈ জনাটো সম্ভৱ। গতিকে পৰৱৰ্তী প্ৰতিদ্বন্দ্বীক পৰাজিত কৰাৰ বাবে তেওঁ সতীৰ্থসকলক নিজৰ ভূমিকা বুজাই দিয়ে । কোনখন মেচত শুভমানে লং ইনিংছ খেলিব, কোনখন মেচত তেওঁ এংকৰৰ ভূমিকা পালন কৰিব, কোনখন মেচত দাসুন ছানাকাই খেলিব, কোনখন মেচত ছাই সুদৰ্শনক তিনি নম্বৰত ড্ৰপ কৰা হ’ব — সেয়া আগতীয়াকৈ পৰিকল্পনা কৰি লয় ৷ ফলত হাৰ্দিকৰ দলৰ কোনো ক্ৰিকেটাৰ হেঁচাত পৰা দেখা নাযায়। ইয়াৰ মূল কাৰণ হ’ল সকলোৱে নিজৰ নিজৰ ভূমিকা সম্পৰ্কে সচেতন।
৫) প্ৰশিক্ষকৰ সৈতে অতি ভাল সম্পর্কঃ
আশীষ নেহৰা আৰু গেৰী কাৰ্ষ্টেন কেতিয়াও মনে মনে বহি সন্মুখৰ খোলা লেপটপ এটালৈ চাই নাথাকে। তেওঁ সদায় ইফালে সিফালে চাই পৰিস্থিতিৰ বিচাৰ কৰিছিল। প্ৰয়োজন অনুসৰি বাউণ্ডেৰীত ফিল্ডাৰসকলৰ লগত কথা পাতিব। হাৰ্দিকৰ মানসিক চাপ নিৰাময়ৰ আন এটা কাৰণ হ’ল নেহৰা। তেওঁ দলটোক ভালদৰে বুজি পায়। তিনিওজনৰ মাজত কেমিষ্ট্ৰী ইমানেই ভাল যে ই দলটোক পৰৱৰ্তী মেচত সফলতাৰ দিশত আগুৱাই লৈ গৈছে। ইয়াৰ বাবে গুজৰাটত ছুপাৰষ্টাৰ ৰাষ্ট্ৰীয় ক্ৰিকেটাৰৰ অভাৱ হ’লেও দলত ধাৰাবাহিকতা আছে। টি-২০ ক্ৰিকেটত ঠিক প্ৰয়োজন অনুসৰি এনে ক্ৰিকেটাৰ দলত অন্তৰ্ভুক্ত হয়।