এটি ছয় বছৰীয়া শিশু ৷ নাম অস্কাৰ বাৰো ৷ পখিলা খেদাৰ বয়সতে এই শিশুটিয়ে কৰিবলৈ লৈছে দুঃসাহসিক অভিযান ৷ আন ১০ টি শিশুৱে ঘৰতে ওমলাৰ বয়সত অস্কাৰে জয় কৰিছে এটাৰ পাছত আন এটা শৃংগ ৷ ছয় বছৰ বয়সত তেওঁ ইউৰোপৰ ১২টা উচ্চতম শৃংগ আৰোহণ কৰিছে ৷ তেওঁ আৰোহন কৰা এই শৃংগসমূহৰ মুঠ উচ্চতা বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্টৰ উচ্চতাতকৈয়ো অধিক । শৃংগজয়েৰে অনুদান সংগ্ৰহ কৰি তেওঁ এটা স্বেচ্ছাসেৱী সংগঠনক দান দি আহিছে ৷
অস্কাৰ লেংকেষ্টাৰৰ বাসিন্দা। ইংলেণ্ড আৰু ৱেলছৰ সৰ্বোচ্চ শৃংগ স্কেফেল পাইক আৰু স্নোডনকো তেওঁ জয় কৰিছে। ইতিমধ্যে অস্কাৰে ৩১ হাজাৰ পাউণ্ডৰ অনুদান সংগ্ৰহ কৰিছে। যাৰ মূল্য ভাৰতীয় মুদ্ৰাত ৩১ লাখ ৬৫ হাজাৰৰো অধিক। তেওঁ এই অনুদান স্বেচ্ছাসেৱী সংগঠনটোক অৰ্পণ কৰে যাতে শিশুসকল ভ্ৰমণলৈ যাব পাৰে।
কিন্তু অস্কাৰ ইয়াত সন্তুষ্ট নহ’ল। তেওঁৰ লক্ষ্য হৈছে কম বয়সতে মাউণ্ট এভাৰেষ্ট জয় কৰা। তেওঁ নিজৰ ইচ্ছাৰ কথা পিতৃৰ আগত সদৰী কৰিছে ৷ এই সন্দর্ভত শিশুটিৰ পিতৃ মেটে কয় যে অস্কাৰে স্কুলত এডমাণ্ড হিলাৰীৰ বিষয়ে পঢ়িছিল। হিলাৰীৰ পৰাই অস্কাৰে অনুপ্ৰেৰণা লাভ কৰিছে ৷
অস্কাৰক সংগ দি আহিছে পিতৃ মেট। কেতিয়াবা মা কিম আৰু জ্যেষ্ঠ ভাতৃ মাৰ্কও লগত থাকে। অস্কাৰে নিজেই কোৱাৰ দৰে সকলো অভিযান সহজ নহয়। স্কটলেণ্ডত কেয়াৰ্ন গৰ্ম অভিযানক তেওঁ আটাইতকৈ কঠিন বুলি বিবেচনা কৰিছিল। অস্কাৰৰ মতে, ঘন বৰফৰ বাবে এই অভিযান কঠিন আছিল। তেওঁ কম বয়সতে এভাৰেষ্ট জয় কৰাৰ কৃতিত্ব লাভ কৰিব বিচাৰে।