দীর্ঘদিনীয়া প্ৰতিবাদৰ পাছতো চৰকাৰৰ ফালৰ পৰা কোনো সহাঁৰি লাভ নকৰাত মল্লযুঁজাৰুসকলে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ গংগাত নিজৰ সকলো পদক বিসর্জন দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে তেওঁলোকে ৷ মঙলবাৰে সন্ধিয়া ৬ বজাত হৰিদ্বাৰত এই পদকসমূহ তেওঁলোকে বিসর্জন দিব । সাক্ষী মালিক, বিনেশ ফোগাট, বজৰং পুনিয়াৰ দৰে মল্লযুঁজাৰুসকলে বিসর্জন দিব ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পর্যায়ত লাভ কৰা পদক ৷ । দীৰ্ঘদিন ধৰি ব্ৰিজভূষণ শৰণ সিঙৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি আহিছে মল্লযুঁজাৰুসকলে। কিন্তু এতিয়ালৈকে মল্লযুঁজাৰুৰ সিদ্ধান্তৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।
দিল্লীৰ যন্তৰ মন্তৰৰ সন্মুখত কেইবাদিনো ধৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল মল্লযুঁজাৰুসকলে। দেওবাৰে নতুন সংসদ ভৱন উদ্বোধনৰ সময়ত তেওঁলোকে বিক্ষোভ প্ৰদৰ্শন কৰিছিল। সেই সময়ত তেওঁলোকক বলপূৰ্বকভাৱে আটক কৰি ৰখা হৈছিল। ব্ৰিজভূষণক গ্ৰেপ্তাৰ কৰাৰ দাবীত কেইবাদিনো ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। ইণ্ডিয়ান ৰেছলিং এছ’চিয়েশ্যনৰ সভাপতি ব্ৰিজভূষণৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপিত হৈ আহিছে । অৱশ্যে কেন্দ্ৰীয় শাসকীয় বিজেপি সাংসদ ব্রিজভূষণে এই অভিযোগ অস্বীকাৰ কৰে৷ দিল্লীৰ যন্তৰ মন্তৰত মল্লযুঁজাৰুসকলে তেওঁক অপসাৰণ কৰাৰ দাবীত বিগত মাহৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। এইবাৰ তেওঁলোকে পদক বিসর্জনৰ কথা ঘোষণা কৰিছে।
মঙলবাৰে অলিম্পিকৰ পদক বিজয়ী সাক্ষীয়ে টুইট কৰি কয় ‘এই পদকসমূহ আমাৰ জীৱন। আজি সেইবোৰ গংগাত পেলাই দিয়াৰ পিছত আমাৰ জীৱন-যাপনৰ কোনো লাভ নাই। গতিকে পদকবোৰ পেলাই দিয়াৰ পিছত আমি ইণ্ডিয়া গেটৰ সন্মুখত অনশন কৰিম।” এই পোষ্টটোৰ পূৰ্বে সাক্ষীয়ে আন এটা টুইটত লিখিছে, “মহেন্দ্ৰ সিং ধোনী আৰু চেন্নাই ছুপাৰ কিংছলৈ অভিনন্দন। কেইজনমান খেলুৱৈয়ে অন্ততঃ কিছু সন্মান পোৱা দেখি ভাল লাগে। ন্যায়ৰ বাবে আমাৰ যুঁজ অব্যাহত আছে ৷”
দিল্লী আৰক্ষীয়ে দেওবাৰে দিল্লীত মল্লযুঁজাৰু বিনেশ ফ’গাট, বজৰং পুনিয়া, সংগীতা ফ’গাট, সাক্ষী মালিককে ধৰি বহুকেইজনক গ্ৰেপ্তাৰ কৰে।