যোৱা বছৰৰ শেষৰ পৰাই বলীউডত দক্ষিণৰ তাৰকা তমান্না ভাটিয়া আৰু বলিউডৰ ষ্টাৰ বিজয় বার্মাৰ প্ৰেমৰ উৰাবাতৰিৰ সৃষ্টি হৈছে। ‘গলী বয়’ খ্যাত অভিনেতা বিজয় বাৰ্মাই অভিনেত্ৰী তমন্নাহ ভাটিয়াৰ সৈতে ৰোমান্টিক সম্পৰ্ক গঢ়ি তুলিছে। বিমানবন্দৰৰ পৰা বঁটা বিতৰণী অনুষ্ঠানৰ ৰেড কাৰ্পেটলৈকে – কেইবাঠাইতো তেওঁলোকক একেলগে দেখা গৈছে। আনকি, বিজয় বাৰ্মাই ছ’চিয়েল মিডিয়াত ফাদিল কৰিছে প্ৰিয় প্ৰেমিকৰ ঘৰত মতা নাম। প্ৰেমত পৰা কথাটো ইমান দিনে জল্পনা-কল্পনাহে কৰা হৈছিল। এইবাৰ বিজয় আৰু তমন্নাই তেওঁলোকৰ প্ৰেমত ছীলমোহৰ মাৰিলে। প্ৰিয় প্ৰেমিকক সাৱটি ধৰি তেওঁৰ কপালত প্ৰেমৰ চুমা আঁকি দিলে বিজয়ে । বিজয় আৰু তমান্নাৰ সেই ছবিখন ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
বিজয়ে ছবিখনত তমন্নাক ধৰি থকা দেখা যায় । দুয়োৰে মুখত সুখৰ হাঁহি। ইজনে সিজনৰ ওচৰত থাকি যে তেওঁলোক সুখী সেয়া স্পষ্ট। কিন্তু প্ৰেমৰ জল্পনা-কল্পনাক ছীলমোহৰ মাৰিবলৈ ইমান ঘনিষ্ঠ ছবি শ্বেয়াৰ কৰিব বুলি কোনেও ভবা নাছিল। কিন্তু ছবিখনৰ আঁৰত আৰু এটা কাহিনী আছে? প্ৰশ্নৰ উত্তৰ বিচাৰি থাকোঁতে দেখা গ’ল যে এই ছবিখন ‘লাষ্ট ষ্টৰীজ ২’ৰ প্ৰথম প্ৰচাৰমূলক আভাসৰ দৃশ্য। শেহতীয়াকৈ মুক্তি পালে ‘লাষ্ট ষ্ট’ৰীছ ২’ৰ টিজাৰ। সেই টিজাৰত বিজয় আৰু তমান্নাক এনে এক অন্তৰংগ দৃশ্যত দেখা গৈছে।
‘লাষ্ট ষ্ট’ৰীজ ২’ৰ টিজাৰত দেখা গৈছে নীনা গুপ্তা, কাজল, তিলোত্তমা সোম, মৃণাল ঠাকুৰ ৷ এই টিজাৰে ইতিমধ্যে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছে। ‘লাষ্ট ষ্ট’ৰীজ ২’ৰ চেটত একেলগে কাম কৰাৰ সময়তে বিজয় আৰু তমন্নাই ইজনে সিজনৰ প্ৰেমত পৰিছিল। অতি সোনকালে অ’টিটি প্লেটফৰ্মত মুক্তি পাবলৈ গৈ আছে ‘লাষ্ট ষ্ট’ৰীছ ২’।