শিৱানী বৰা
কিছুদিন পূৰ্বে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ কেইখনমান আগশাৰীৰ মহাবিদ্যালয়ে প্ৰ-পত্ৰ পূৰণৰ শিতানত ছাত্ৰ-ছাত্ৰীৰ জাতিৰ নাম পূৰণৰ এক শিতান সংযোগ কৰি সমালোচনাৰ সন্মুখীন হৈছিল। অৱশ্যে পিছত মহাবিদ্যালয় কৰ্তৃপক্ষই এই নিয়মৰ সংশোধন কৰে।
সেই সময়তে মানুহৰ মনত কিছু প্ৰশ্ন উত্থাপন হৈছিল। আমাক আজিও জাতিগত সংৰক্ষণ লাগেনে? উত্তৰটো কিন্তু বৰ জটিল। ইয়াৰ লগত বহুতো আনুসংগিক দিশ জড়িত হৈ আছে।
বৰ্ণবাদ ভাৰতৰ এক সামাজিক সমস্যা। মধ্য যুগৰে পৰা ভাৰতীয় সমাজে ইয়াৰ ফলাফল ভুগি আহিছে। উচ্চ জাতি বা বৰ্ণৰ লোকসকলে নিম্ন জাতি, বৰ্ণৰ লোকৰ ওপৰত চলোৱা নিৰ্যাতন আৰু ভেদাভেদ সৰ্বজনবিদিত। এই ভেদাভেদ দূৰ কৰিবলৈকে ভাৰতীয় সংবিধানে জাতিগত সংৰক্ষণ ব্যৱস্থাৰ কথা উল্লেখ কৰিছিল। নিৰ্দেশাত্মক নীতিসমূহেও কেতবোৰ গুৰুত্বপূৰ্ণ দিশ আঙুলিয়াই দিছে।
সংৰক্ষণৰ দ্বাৰা পৰৱৰ্তীকালত এখন সাম্যবাদী সমাজ গঢ়ি তোলাই সংবিধান প্ৰণেতাসকলৰ মূল উদ্দেশ্য আছিল। এই মহৎ উদ্দেশ্যত ইতিমধ্যে সফলতাও লাভ কৰিছে। সংৰক্ষণ ব্যৱস্থাৰ দ্বাৰাই সমাজৰ পৰা জাতিগত ভেদাভেদ, অস্পৃশ্যতা বহু পৰিমাণে হ্ৰাস পাবলৈ ধৰিছে। পূৰ্বৰ তুলনাত বৰ্তমান সমাজ ব্যৱস্থাই যথেষ্ট সুস্থিৰতা লাভ কৰিছে। গতিকে বহু সংখ্যক লোকে এই সংৰক্ষণ ব্যৱস্থা নাইকিয়া কৰি দিবলৈ সময়ে সময়ে দাবী উত্থাপন কৰি আহিছে।
কিন্তু আমি দেশৰ কথা বা সমাজৰ প্ৰগতিৰ কথা ক’লে কেৱল দেশখনৰ কোনো এক অংশৰ প্ৰগতিৰ কথা লক্ষ্য কৰিলে নহ’ব। এখন সমাজ বা দেশৰ উন্নয়নত প্ৰতিটো চুক-কোণ সামৰি ল’ব লাগিব। যেতিয়াই আমি সংৰক্ষণ ব্যৱস্থা অপ্ৰাসংগিক বুলি ভাবিবলৈ ধৰোঁ তেতিয়াই চকুৰ সন্মুখত কিছুমান ঘটনা ৰাজিয়ে ক্ৰিয়া কৰে।
উদাহৰণস্বৰূপে, কিছুদিন পূৰ্বে উত্তৰ প্ৰদেশত সংঘটিত হোৱা “হাথৰাছ”ৰ ঘটনাৰ কথা ক’ব পাৰি। গণ ধৰ্ষণৰ বলি হোৱা কন্যাগৰাকী কেৱল দলিত সম্প্ৰদায়ৰ বাবেই উচ্চ জাতিৰ ধৰ্ষণকাৰীক ৰক্ষা কৰিবলৈ আইনী ব্যৱস্থাত হেৰফেৰ কৰিছিল। য’ত প্ৰশাসনৰ উচ্চ ডিগ্ৰীধাৰী বৰমূৰীয়া সকলেই জড়িত আছিল।
আমাৰ অসমো এই বৈষম্য চিন্তাৰ পৰা মুক্ত নহয়। বিবাহৰ ক্ষেত্ৰত আজিও অসবৰ্ণ বিবাহক কুদৃষ্টিৰে চোৱা হয়। উচ্চ জাতিৰ সৈতে নিম্ন জাতিৰ মাজত বিবাহৰ উদাহৰণ একেবাৰে কম। সেই কমসংখ্যকৰো অধিকাংশই অৰ্থনৈতিকভাৱে আগবঢ়া নিম্ন জাতিৰ পৰিয়াল। বৃত্তিগত ভেদাভেদ আজিও গাওঁসমূহত আছে। মাছ বিক্ৰী কৰা, গাহৰি পালন কৰা আদি কাৰ্য্যক বহু সমাজে অস্পৃশ্য বুলি গণ্য কৰে। নিম্ন জাতিৰ লোকসকলক বহুত লোকে আজিও অস্পৃশ্য বুলিয়েই ভাবে।
গতিকে জাতিগত সংৰক্ষণ একেবাৰে আঁতৰাই দিব পৰা পৰিৱেশ আমাৰ দেশত আজিও গঢ় লৈ উঠা নাই। কিন্তু এই সংৰক্ষণ ব্যৱস্থাৰ বাবেই নিম্ন জাতিৰ কিছু অংশ অধিক আগবাঢ়ি গৈছে আৰু কিছু অংশ অধিক পিছপৰি ৰৈছে। গতিকে এই ব্যৱস্থাৰ সালসলনিৰ সময় আহি পৰিছে। অনুসূচীত জাতি আৰু জনজাতিৰ সংৰক্ষণৰ ক্ষেত্ৰত এটা creamy layer নিৰ্ধাৰণ কৰাৰ সময় আহি পৰিছে। তেতিয়াহে প্ৰকৃত লোকসকল সংৰক্ষণৰ আওতাত আগবাঢ়ি যাবলৈ সক্ষম হ’ব।
সংৰক্ষণ ব্যৱস্থাই সাধাৰণ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ শিক্ষা, চাকৰিৰ ক্ষেত্ৰত প্ৰভাৱ পেলাই আহিছে। এই কথা নুই কৰিব নোৱাৰি। এই ক্ষেত্ৰত কিছুদিন পূৰ্বে অৰ্থনৈতিক ভাবে পিছপৰা সাধাৰণ শ্ৰেণীৰ লোকৰ কাৰণে চাকৰিৰ ক্ষেত্ৰত ১০% সংৰক্ষণ কৰাটো নিশ্চিতভাবে এক প্ৰশংসনীয় পদক্ষেপ।
সমাজত বাস কৰা মানুহৰ মনৰ পৰা যেতিয়ালৈকে অস্পৃশ্যতা ভেদাভেদৰ মনোভাৱ আঁতৰ নহয় তেতিয়ালৈকে এই জাতিগত সংৰক্ষণৰ প্ৰয়োজনীয়তা অপ্ৰাসংগিক বুলি ক’ব নোৱাৰি। পৰৱৰ্তীকালত হয়তো জাতিগত মনোভাৱ সলনি হ’ব। এই সংৰক্ষণ ব্যৱস্থাও সালসলনি হৈ কেৱল জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে কেৱল অৰ্থনৈতিক ক্ষেত্ৰত সংৰক্ষণ কৰাৰ ব্যৱস্থা আৰম্ভ হ’ব বুলি আমি আশাবাদী।
জাতিগত সংৰক্ষণৰ লক্ষ্য হৈছে সমাজত সমতা প্ৰতিষ্ঠা কৰা। শিক্ষানুষ্ঠান সমূহৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য হৈছে সকলো ধৰ্ম, বৰ্ণ, লিংগ নিৰ্বিশেষে সমানে শিক্ষা দান কৰা। ছাত্ৰ ছাত্ৰীৰ মাজত সমতা বৰ্তাই ৰাখিবলৈকে সকলোৰে বাবে একেই ইউনিফৰ্মৰ ব্যৱস্থা আজিও বৰ্তি আছে।
জাতিগত, লিংগগত ভেদাভেদ সমূহৰ পৰা শিক্ষানুষ্ঠানসমূহ বহু নিলগত। ঘৰুৱা পৰিবেশ, কাষৰীয়া সমাজ ব্যৱস্থাত শিকিবলৈ নোপোৱা সমতাৰ দৰে মূল্যবোধৰ শিক্ষা শিক্ষানুষ্ঠানত লাভ কৰে। সেয়ে শিক্ষানুষ্ঠানসমূহ বৰ্ণবাদৰ পৰা বহু দূৰৈত ৰখা হয়।
কিন্তু বৰ্তমান সময়ত কোনো উচ্চ শিক্ষানুষ্ঠানে জাতি বৰ্ণৰ নামত প্ৰপত্ৰৰ শিতান পুনৰ আৰম্ভ কৰা কথাষাৰে বৰ্ণবাদৰ পুনৰ উত্থাপন হ’ব নেকি বুলি সচেতন মহলক চিন্তিত কৰি তুলিছে। কাৰণ বৰ্তমান সমাজলৈ লাহে লাহে এক সুস্থিৰতাৰ পৰিৱেশ ঘূৰি আহিবলৈ ধৰিছে। অস্পৃশ্যতা, ভেদাভেদ একেবাৰে নিৰ্মূল নহ’লেও যথেষ্ট হ্ৰাস পাইছে। এই গতিত আগবাঢ়িলে আমি হয়তো কম সময়ৰ ভিতৰতে সমতাৰ পৃথিৱীত খোজ ৰাখিবলৈ আমি সক্ষম হ’ম। এই সময়ছোৱাত শিক্ষানুষ্ঠানৰ এই কাৰ্য্য গ্ৰহণযোগ্য হ’ব নোৱাৰে।
তথাপি আমি আশা কৰোঁ মানুহৰ মনৰ পৰা এই ভেদাভেদৰ ধাৰণা সোনকালে নিপাত যাব।চৰকাৰ বা প্ৰশাসন বিভাগে ভেদাভেদ সমূহৰ ক্ষেত্ৰত কঠোৰ নীতি অৱলম্বন কৰিলে অধিক ফলপ্ৰসূ হ’ব আশা কৰিব পাৰি।