কৰ্ণাটক আৰক্ষীৰ অপৰাধ শাখাই বিফল কৰিলে এক বৃহৎ ষড়যন্ত্ৰ। উগ্ৰপন্থী কাৰ্যত জড়িত থকাৰ সন্দেহত বাংগালুৰুৰ পৰা ৫ যুৱকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে আন এজন যুৱকৰ সন্ধান আৰম্ভ কৰিছে।
আৰক্ষীৰ তথ্য অনুসৰি ধৃত ৫জনৰ পৰা বিস্ফোৰক, বন্দুক আৰু একাধিক ধাতুৰ অস্ত্ৰ উদ্ধাৰ কৰা হৈছে। এই বিষয়ত আৰক্ষী বিষয়াই তদন্ত আৰম্ভ কৰিছে। বেংগালুৰু আৰক্ষী আয়ুক্ত দয়ানন্দ বিয়ে জনোৱা মতে, গোপন সূত্ৰৰ ভিত্তিত বাংগালুৰুৰ আৰ টি নগৰ অঞ্চলৰ পৰা পাঁচজন যুৱকক গ্ৰেপ্তাৰ কৰা হয়। এই পাঁচজন অভিযুক্ত হৈছে চুহাইল, ওমৰ, জাহিদ, মুদাছিৰ আৰু ফৈজাল। অভিযুক্তৰ প্ৰত্যেকৰে বয়স ২৫ৰ পৰা ৩৫ বছৰৰ ভিতৰত বুলি কোৱা হৈছে। ২০১৭ চনত হত্যাৰ গোচৰত ৫জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। ২০১৯ চনত তেওঁলোকে জামিন লাভ কৰিছিল।
আৰক্ষীৰ এক সূত্ৰ অনুসৰি এই পাঁচজন যুৱক উগ্ৰপন্থী সংগঠন লস্কৰ-ই-তৈবাৰ সৈতে জড়িত বুলি সন্দেহ কৰা হৈছে। প্ৰথম অৱস্থাত আৰক্ষীয়ে গম পাইছিল যে উগ্ৰপন্থী কাৰ্যত জড়িত হোৱাৰ অভিযোগত বেংগালুৰুৰ কেন্দ্ৰীয় কাৰাগাৰত থকা নাজিৰ নামৰ এজন ব্যক্তিৰ সৈতে এই পাঁচজন লোক নিয়মীয়াকৈ সংস্পৰ্শত আছিল। কিন্তু আৰক্ষীয়ে এতিয়াও আন এজন অভিযুক্ত জুনেইদৰ সন্ধান উলিয়াব পৰা নাই। আন কেন্দ্ৰীয় সংস্থাৰ সহায়ত জুনাইদৰ সন্ধান উলিয়াবলৈ চেষ্টা চলাইছে আৰক্ষীয়ে।