ভাৰতৰ মহিলা ক্ৰিকেট দলে বাংলাদেশৰ মহিলা দলৰ বিৰুদ্ধে শৃংখলা খেলি আছে । এই শৃংখলাৰ সময়তে ভাৰতীয় উপ-অধিনায়ক স্মৃতি মান্ধনাই ২৭ সংখ্যক জন্মদিন উদযাপন কৰে। গোটেই দলটো তেওঁৰ লগত আছিল। কিন্তু আন এজন ব্যক্তি ঢাকালৈ গৈ স্মৃতিৰ ওপজা দিন উডযাপন কৰে । তেওঁ পলাশ মুচ্ছল। স্মৃতি আৰু পলাশক কেইবাবাৰো একেলগে দেখা গৈছে ৷ দুয়োৰে মাজৰ প্ৰেমৰ সম্পর্কৰ লৈ চর্চা চলি আহিছে যদিও যদিও মান্ধনা বা পলাশে এই সম্পৰ্কক লৈ কোনো মন্তব্য প্ৰকাশ কৰা নাই ৷
১৮ জুলাই মান্ধনাৰ জন্মদিন আছিল। বাংলাদেশৰ বিৰুদ্ধে দ্বিতীয়খন এদিনীয়া খেলৰ পূৰ্বে দলটোৰ সৈতে জন্মদিনটো অতিবাহিত কৰিছিল স্মৃতিয়ে । বাংলাদেশত জন্মদিন উদযাপনৰ সময়ত পলাশ উপস্থিত আছিল নে নাই সেয়া জানিব পৰা হোৱা নাই। অৱশ্যে ছচিয়েল মিডিয়া পেজত পলাশে মান্ধানাক অভিনন্দন জনায়। তেওঁ আৰু মান্ধনাৰ এখন ছবিৰে পলাশে লিখিছে- ” জন্মদিনৰ শুভেচ্ছা ।”ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে বিনিময়ত পলাশক ধন্যবাদ জনায়। পলাশে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীতো দুয়োৰে এখন ছবি দিছে। দুয়োকে ভাৰতৰ জাৰ্চি পিন্ধা দেখা গৈছে।
দুয়োৰে মাজত বহুদিনৰ পৰা সম্পৰ্ক আছে বুলি চর্চা চলি আহিছে । খেলৰ সময়ত বিভিন্ন স্থানলৈ গৈছিল দুয়ো । মুখেৰে একো নকলেও কেতিয়াবা ছচিয়েল মিডিয়া পেজত নিজৰ ছবি পোষ্ট কৰে। তাত সিহঁতক অতি ঘনিষ্ঠভাৱে দেখা যায়। সেইটোৱে তেওঁলোকৰ সম্পৰ্কৰ জল্পনা-কল্পনা বৃদ্ধি কৰিছে। কিছুদিন পূৰ্বে পলাশৰ ২৮ সংখ্যক জন্মদিন পাৰ হৈ গ’ল। সেইদিনা মান্ধনাই পলাশক নিজৰ এখন ছবিৰে সম্ভাষণ জনালে।
কণ্ঠশিল্পী পলক মুচ্ছলৰ ভাতৃ পলাশ পেছাত সংগীত পৰিচালক আৰু অভিনেতা। তেওঁ বলীউডত কেইবাটাও গীত ৰচনা কৰিছে। লগতে অভিষেক বচ্চন আৰু দীপিকা পাডুকনৰ সৈতে এখন চিনেমাত অভিনয় কৰিছিল।