যোৱা এপ্ৰিল মাহৰ পৰা আৰম্ভ হৈছিল চাৰিধাম যাত্ৰা। জুলাইৰ পৰা আৰম্ভ হৈছে অমৰনাথ যাত্ৰা। এইবাৰ উত্তৰাখণ্ড চৰকাৰে কৈলাস যাত্ৰাৰ বাবে প্ৰস্তুতি চলাইছে। ৰাজ্য প্ৰশাসনৰ তথ্য অনুসৰি অহা ছেপ্টেম্বৰৰ পৰা কৈলাস যাত্ৰা পথ তীৰ্থযাত্ৰীৰ বাবে মুকলি কৰা হ’ব।
ইতিমধ্যে সীমান্ত পথ সংস্থাৰ কর্মীসকলে কাম আৰম্ভ কৰিছে। পিথোৰাগড়ৰ নবিদাঙৰ কে এম ভি এন হাটৰ পৰা ভাৰত-চীন সীমান্তৰ লিপুলেখ পাছলৈ পথ নিৰ্মাণৰ কাম চলি আছে। বি আৰ অ’ৰ সূত্ৰ অনুসৰি অহা ছেপ্টেম্বৰৰ ভিতৰত কাম সম্পূর্ণ কৰাৰ প্রস্তুতি অব্যাহত আছে৷ ফলত ছেপ্টেম্বৰ মাহত তীৰ্থযাত্ৰীসকলে কৈলাস পৰ্বত পৰিদৰ্শন কৰিব পাৰিব বুলি আশা কৰা হৈছে।
বি আৰ অ’ৰ হীৰা প্ৰকল্পৰ মুখ্য অভিযন্তা বিমল গোস্বামীয়ে কয়, ‘কে এম ভি এন হাটৰ পৰা লিপুলেখ পাছলৈ ৬.৫ কিলোমিটাৰ পথ নিৰ্মাণৰ কাম চলি আছে। এই পথ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত তীৰ্থযাত্ৰীসকলে ‘কৈলাস ভিউ পইণ্ট’ ভ্ৰমণ কৰিব পাৰিব।” গোস্বামীয়ে লগতে কয় যে পাহাৰ কাটি পথটো বনোৱাৰ কাম চলি আছে, যদি বতৰ অনুকূল হয়, তেন্তে ছেপ্টেম্বৰ মাহত কাম সম্পূৰ্ণ হ’ব পাৰে।
ক’ভিড মহামাৰীৰ বাবে বাতিল কৰা হৈছিল কৈলাস যাত্ৰা। তাৰ পিছত ডেৰ বছৰতকৈও অধিক সময় পাৰ হৈ গ’ল, এই তীৰ্থযাত্ৰা আৰম্ভ হোৱা নাই। অৱশ্যে এই যাত্ৰা পুনৰ আৰম্ভ কৰাৰ প্ৰস্তুতি চলি আছে। যোৱা ২২ এপ্ৰিলৰ পৰা আৰম্ভ হৈছে চাৰিধম যাত্ৰা। শেহতীয়াকৈ আৰম্ভ হৈছে গংগোত্ৰী আৰু যমুনোত্ৰী যাত্ৰা। ২৫ আৰু ২৭ এপ্ৰিলৰ পৰা আৰম্ভ হৈছে কেদাৰনাথ আৰু বদ্ৰীনাথ যাত্ৰা। আনহাতে, ১ জুলাইৰ পৰা আৰম্ভ হৈছে অমৰনাথ যাত্ৰা।