মণিপুৰৰ পৰিস্থিতিয়ে কেন্দ্ৰৰ ওপৰত যথেষ্ট চাপৰ সৃষ্টি কৰিছে। নিজৰ সক্ৰিয়তা প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে। শেহতীয়াকৈ বৈদেশিক মন্ত্ৰীগৰাকীয়ে ম্যানমাৰৰ ৰাজ্যিক শান্তি আৰু উন্নয়ন পৰিষদৰ মুৰব্বী থান ছুইৰ সৈতে হোৱা আলোচনাত সীমান্তৰ অশান্তিৰ বিষয়ে আলোচনা কৰে। তেওঁ থান ছুইক কয় যে মণিপুৰৰ পৰিস্থিতি অতি বেয়াৰ দিশে গতি কৰিছে আৰু ম্যানমাৰে যাতে কোনো ব্যৱস্থা গ্ৰহণ নকৰে ৷ বৈদেশিক মন্ত্ৰীৰ ভাষাত “গণতান্ত্ৰিক প্ৰক্ৰিয়ালৈ ঘূৰি অহাৰ বাবে ম্যানমাৰৰ প্ৰচেষ্টাক ভাৰতে সমৰ্থন কৰে। সেই ক্ষেত্ৰত নতুন দিল্লীয়েও শান্তি আৰু নিৰাপত্তা পুনৰুদ্ধাৰৰ দিশটোক গুৰুত্ব দিব বিচাৰিছে। এই সন্দৰ্ভত আমি আমাৰ নীতি আছিয়ানৰ নীতিৰ সৈতে সমন্বয় স্থাপন কৰিম।’
সংশ্লিষ্ট মহলৰ মতে মণিপুৰকে ধৰি উত্তৰ-পূব ভাৰতৰ উগ্ৰপন্থীসকলক ম্যানমাৰৰ বিচ্ছিন্নতাবাদীয়ে সহায় কৰিছিল। পিছলৈ অঞ্চলটোত অবিৰত অভিযানৰ ফলস্বৰূপে তেওঁলোকে বহু পিছুৱাই যায়। এটা বৃহৎ অংশও মূলসুঁতিলৈ ঘূৰি আহিছে। কিন্তু যিসকল এতিয়াও আছে তেওঁলোকে পুনৰ গোট খাবলৈ বিচাৰিছে। মণিপুৰত পুনৰ অশান্তিৰ ইন্ধন যোগাই ম্যানমাৰৰ সেনাৰ বিৰুদ্ধে যুঁজিবলৈ মণিপুৰৰ বিচ্ছিন্নতাবাদী বাহিনীৰ সহায় বিচাৰিছে। বিশেষজ্ঞসকলৰ মতে, নগা আৰু কুকিৰ মাজত পূৰ্বে সংঘৰ্ষ হৈছিল। মণিপুৰতো বিয়পি পৰিল। সেই সময়ত কুকি নেচনেল আৰ্মী, কুকি নেচনেল ফ্ৰন্ট, ইউনাইটেড কুকি লিবাৰেচন ফ্ৰণ্টকে ধৰি বিভিন্ন বিচ্ছিন্নতাবাদী সংগঠন গঠন হৈছিল।
ম্যানমাৰৰ মাফিয়াৰ সহযোগত মণিপুৰৰ কুকি অঞ্চলত আফিং আৰু গাঞ্জাৰ খেতি বিয়পি পৰিছে। দেশৰ হেৰ’ইন-স্বৰ্গ হৈ পৰিছে মণিপুৰ। সীমান্তৱৰ্তী গাঁৱত দুৱাৰে দুৱাৰে ড্ৰাগছ কাৰখানা। যিমানেই বেছি ড্ৰাগছ সিমানেই বেছি টকা! গাঁওখনৰ ৰাইজে শস্যৰ খেতি বন্ধ কৰি আফিং খেতি কৰিছে। বিশেষজ্ঞসকলৰ মতে ড্ৰাগছ সৰবৰাহকাৰীয়ে সদায় অস্থিৰ ৰাজনৈতিক পৰিস্থিতি আৰু দৰিদ্ৰতাৰ সুযোগ লয়। ম্যানমাৰ-চিটাগং সীমান্তৰ সিপাৰে এতিয়া ড্ৰাগছ উৎপাদন এক সুসংগঠিত উদ্যোগ। মণিপুৰত কুকিসকলক ব্যৱহাৰ কৰি একে ব্যৱসায় বিয়পাইছে। ম্যানমাৰ আৰু মিজোৰামৰ কুকি মণিপুৰত প্ৰৱেশ কৰিছে। আফিং খেতিৰ বাহিৰেও ম্যানমাৰৰ সিটো পাৰে চীনৰ এজেণ্টে উন্নত আগ্নেয়াস্ত্ৰৰে সহায় কৰে।