দুগৰাকী মহিলাক উলংগ কৰি এদল উন্মত্ত লোকে সমদল কৰা ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওতেই মণিপুৰত চুবুৰীয়া দেশৰ লোক প্ৰৱেশ কৰাৰ অভিযোগ উত্থাপন হৈছে । মণিপুৰ চৰকাৰে এই সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে। বিগত কিছুদিনত ম্যানমাৰৰ পৰা ভাৰতত প্ৰৱেশ কৰিছে বহু লোক। মণিপুৰ চৰকাৰে সীমান্ত সুৰক্ষাৰ দায়িত্বত থকা আছাম ৰাইফলছৰ পৰা এই সন্দৰ্ভত প্ৰতিবেদন বিচাৰিছে ৷
সোমবাৰে গভীৰ নিশা মণিপুৰ চৰকাৰে এক বিবৃতি প্ৰকাশ কৰে। তাতেই ৰাজ্য চৰকাৰে ম্যানমাৰৰ পৰা অহা অনুপ্ৰৱেশকাৰীক লৈ উদ্বেগ প্ৰকাশ কৰিছে। খবৰ পোৱা গৈছে যে যোৱা দুদিনত (২২ জুলাই আৰু ২৩ জুলাই) ম্যানমাৰৰ পৰা মহিলা, পুৰুষ আৰু শিশুকে ধৰি মুঠ ৭১৮ জন লোকে ভাৰতত প্ৰৱেশ কৰিছিল। চাণ্ডেল জিলাৰ মাজেৰে মণিপুৰত প্ৰৱেশ কৰে লোককেইজনে । প্ৰৱেশ কৰা লোকসকলৰ হাতত উপযুক্ত নথি-পত্ৰ নাই।
মণিপুৰ চৰকাৰৰ উদ্বেগ প্ৰকাশ কৰিছে যে ম্যানমাৰৰ পৰা এই অনুপ্ৰৱেশকাৰীৰ জৰিয়তে মণিপুৰলৈ অস্ত্ৰ-শস্ত্ৰ সৰবৰাহ কৰি ৰাজ্যখনৰ উত্তপ্ত পৰিস্থিতি অধিক বিস্ফোৰক কৰিব পাৰে। ই পুনৰ বিশৃংখলতাৰ সৃষ্টি কৰিব পাৰে।
এনে পৰিস্থিতিত মণিপুৰ চৰকাৰে অসম ৰাইফলছক যিকোনো অবৈধ প্ৰৱেশ (উচিত নথি-পত্ৰ অবিহনে) কঠোৰভাৱে দমন কৰিবলৈ নিৰ্দেশ দিছে। ইয়াৰ উপৰিও এই ৭১৮ জন লোকে কিদৰে প্ৰয়োজনীয় নথি-পত্ৰ অবিহনে ভাৰতত প্ৰৱেশ কৰিছিল সেই সন্দৰ্ভত এক প্ৰতিবেদন দাখিল কৰিবলৈ কৈছে ৷
ডেৰ-দুমাহতকৈও অধিক সময় ধৰি অস্থিৰ হৈ পৰিছে মণিপুৰ। ৩ মে’ত ছাত্ৰ সংগঠন ‘অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়ন অৱ মণিপুৰ’ (আটছুম)ৰ কাৰ্যসূচীক কেন্দ্ৰ কৰি অশান্তিৰ সৃষ্টি হয়। জনগোষ্ঠীয় কুকি আৰু সংখ্যাগৰিষ্ঠ মেইটেইৰ মাজত হোৱা সংঘৰ্ষৰ ফলত দুয়োপক্ষৰ লোকৰ মৃত্যু হয়। মণিপুৰৰ হিংসাত এতিয়ালৈকে ১৫০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে। বহু লোক আহত হৈছে । বহু লোক স্থানচ্যুত হৈছে। বহু লোকে মণিপুৰ এৰি আন ৰাজ্যলৈ পলায়ন কৰিছে।