দুটা দশকৰো অধিক সময় ধৰি দক্ষিণ আৰু হিন্দী ছবিত কাম কৰি আহিছে তম্মানা ভাটিয়াই ৷ বিৰতি নোলোৱাকৈ এখনৰ পাছত আন এখন ছবিত তেওঁ কাম কৰি গৈছে। ‘বাহুবলী’ৰ দৰে সফল ছবিত অভিনয় কৰাৰ পাছত তমান্নাৰ ব্যস্ততা অধিক বৃদ্ধি পাইছে ৷ তেনেদৰে অভিনেত্ৰীগৰাকীৰ পাৰিশ্ৰমিকও বাঢ়িছে । আপুনি জানেনে যে অভিনেত্ৰীগৰাকীৰ হাতত আছে বিশ্বৰ পঞ্চম বৃহত্তম হীৰাৰ আঙঠি? এই আঙঠিটো কোনে দিলে তেওঁক উপহাৰ ?
সদ্য মুক্তি পোৱা ছবি ‘লাষ্ট ষ্ট’ৰীজ ২’ত একেলগে দেখা যাব বিজয়-তমন্নাক। ছবিখনত তামানাই ইমান বছৰৰ প্ৰতিশ্ৰুতি ভংগ কৰি পৰ্দাত চুম্বনৰ দৃশ্যত অভিনয় কৰিছিল। বহুতে এই সিদ্ধান্ত বিজয়ৰ বাবে বুলি ভাবিবলৈ আৰম্ভ কৰিছে । জনা যায় যে তেওঁলোকে কামৰ জৰিয়তে ইজনে সিজনৰ ঘনিষ্ঠ হৈ পৰিছে ৷প্ৰায় ১৭ বছৰীয়া অভিনয় জীৱনত কেতিয়াও কোনো অভিনেতাক পৰ্দাত চুমা খোৱা নাই তমান্নাই। এই চৰ্তটো তেওঁৰ চুক্তিত সদায় উল্লেখ কৰা হৈছিল। ‘লাষ্ট ষ্ট’ৰীজ ২’ৰ বাবে অভিনেত্ৰীগৰাকীয়ে প্ৰথমবাৰৰ বাবে প্ৰায় দুটা দশকৰ এই নিয়মৰ ব্যতিক্ৰম কৰিছিল। অৱশ্যে তমান্নাৰ বিশাল হীৰা আঙঠিটো বিজয়ে দিয়া নাছিল, বৰঞ্চ অভিনেত্ৰী ৰাম চৰণৰ পত্নী উপাসনা কনিডেলাইহে দিছিল অভিনেত্ৰীগৰাকীক। যাৰ বজাৰ মূল্য প্ৰায় ২ কোটি টকা। কিন্তু অভিনেতা ৰাম চৰণৰ পত্নীয়ে কিয় তমান্নাক ইমান মূল্যৱান উপহাৰ দিলে?
তমন্নাই ‘ছাই ৰা নৰসিংহ ৰেড্ডী’ ছবিখনত অভিনয় কৰিছিল। ইয়াৰ প্ৰযোজনা কৰিছিল উপাসনা আৰু ৰাম চৰণে। শহুৰেক চিৰঞ্জীৱীৰ সপোনৰ ছবি আছিল ‘ছাই ৰা নৰসিংহ ৰেড্ডী’। ভাৰতীয় স্বাধীনতা সংগ্ৰামী নৰসিংহ ৰেড্ডীৰ জীৱনৰ পৰা অনুপ্ৰাণিত এই ছবিখন। যদিও ৰাম চৰণৰ পিতৃৰ সপোনৰ ছবিখনে বক্স অফিচত সফলতা লাভ কৰিব নোৱাৰিলে, তথাপিও ছবিখনত কৰা অভিনয়ৰ বাবে তমন্নাই প্ৰশংসা লাভ কৰে। সেই সময়ত তামান্নাই প্ৰযোজক উপাসনাৰ পৰা এই উপহাৰটো লাভ কৰিছিল ৷