বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ক আক্ৰমণ কৰাৰ সময়ত এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্থাপন কৰিলে নিষিদ্ধ উগ্ৰপন্থী সংগঠন ইণ্ডিয়ান মুজাহিদীনৰ প্ৰসংগ। একে সময়তে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ লগত তুলনা কৰিছে ‘ইণ্ডিয়া’ক। তেওঁ কয় “কেৱল ‘ইণ্ডিয়া’ নাম ল’লেই একো নহয়।”
মণিপুৰক লৈ বিৰোধীৰ অবিৰত প্ৰতিবাদৰ বাবে স্থগিত ৰখা হৈছে সংসদৰ অধিৱেশন। প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ দাবী সৰব হৈ পৰিছে ‘ইণ্ডিয়া’। বিৰোধী মিত্ৰজোঁটে লোকসভাত মোডী চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ দাখিল কৰিব পাৰে। এনে পৰিস্থিতিত মঙলবাৰে পুৱা ৰাজধানীত বিজেপি সংসদীয় দলৰ সৈতে বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰীয়ে। সেই বৈঠকত মোডীয়ে বিৰোধী মিত্ৰজোঁটক ঠাট্টা-মস্কৰা কৰিছিল। সংসদীয় দলৰ বৈঠকত মোডীয়ে কয়, ‘কেৱল‘ইণ্ডিয়া’ৰ নাম ল’লেই একো নহয়। ইষ্ট ইণ্ডিয়া কোম্পানীতো ‘ইণ্ডিয়া’ শব্দটো আছিল। ইণ্ডিয়ান মুজাহিদীনতো আছে ‘‘ইণ্ডিয়া’ৰ নাম ।’ কংগ্ৰেছ সভাপতি মল্লিকার্জুন খার্গেই কয় যে মণিপুৰক লৈ তেওঁলোকে আলোচনা কৰিব বিচাৰে ৷ কিন্তু প্ৰধানমন্ত্ৰীয়ে ইষ্ট ইণ্ডিয়া কোম্পানীৰ কথাহে কৈ আছে ৷
বৈঠকৰ অন্তত বিজেপিৰ সাংসদ ৰবি শংকৰ প্ৰসাদে কয় –‘আমি আমাৰ প্ৰধানমন্ত্ৰীক লৈ গৌৰৱান্বিত। ২০২৪ চনত আমি পুনৰ ক্ষমতালৈ আহিম। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ইণ্ডিয়ান নেচনেল কংগ্ৰেছ আৰু ইষ্ট ইণ্ডিয়া কোম্পানী বিদেশীয়ে সৃষ্টি কৰিছিল। এতিয়া মানুহে ইণ্ডিয়ান মুজাহিদীন, ইণ্ডিয়ান পিপলছ ফ্ৰণ্টৰ দৰে নাম ৰাখিছে। বাহিৰৰ পৰা কিবা এটা চোৱা আৰু ভিতৰলৈ গৈ তাৰ প্ৰকৃত অৰ্থ বুজি পোৱাটো সম্পূৰ্ণ বেলেগ।” বিজেপিৰ সাংসদ নিশিকান্ত ডুবেই কয়, ”ভাৰতীয় জাতীয় কংগ্ৰেছ আও হিউমে সৃষ্টি কৰিছিল, তেওঁ এজন বিদেশী। মুজাহিদীসকলে নিজকে ইণ্ডিয়ান মুজাহিদীন বুলি কয়। পি এফ আইৰ সম্পূৰ্ণ নাম পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া। যিকোনো বস্তুৰ লগত ‘ইণ্ডিয়া’ শব্দটো সংলগ্ন কৰাটো এটা ফেশ্বন হৈ পৰিছে। “
২০২৪ চনৰ লোকসভা নিৰ্বাচনত মোডীৰ শক্তিক উৎখাত কৰিবলৈ বিজেপিৰ বিৰোধী দলসমূহে একত্ৰিত হৈছে। বেংগালুৰুত বিৰোধী দলৰ এখন বৈঠকত মিত্ৰজোঁটৰ নাম ‘‘ইণ্ডিয়া’’ (Indian National Developmental Inclusive Alliance) হিচাপে নিৰ্ধাৰণ কৰা হৈছিল। ইয়াৰ পূৰ্বে মোদীয়ে বিৰোধীৰ মিত্ৰতাক আক্ৰমণ কৰিছিল। সেইবাৰ তেওঁ কৈছিল, “নব্বৈৰ দশকৰ পৰা কংগ্ৰেছে ৰাজনৈতিক মিত্ৰতাৰ সহায় লৈ দেশত অস্থিৰতা সৃষ্টি কৰিছে৷ কেতিয়াবা চৰকাৰ বনোৱা হয়, কেতিয়াবা বাদ দিয়া হয়। ই হৈছে দুৰ্নীতি আৰু বংশবাদৰ সমন্বয়। যদি কাৰোবাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন হয়, তেন্তে তেওঁলোকে বিৰোধী মিত্ৰজোঁটৰ সুবিধা লাভ কৰে।”