সেনাবাহিনীত ‘কমাণ্ডিং অফিচাৰ’ পদ পোৱাৰ অধিকাৰো মহিলাক প্ৰদান কৰা হৈছে । কিন্তু এতিয়ালৈকে কোনো মহিলা সৈনিকে কমাণ্ডো ইউনিট ‘পেৰা এছ এফ (বিশেষ বাহিনী)’ত যোগদান কৰাৰ সুযোগ পোৱা নাই।
শুকুৰবাৰে লোকসভাত প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী অজয় ভাটে এনে এক প্ৰশ্নৰ উত্তৰত কয় যে ভৱিষ্যতে মহিলাসকলক সেনাৰ বিশেষ বাহিনীত অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ লিংগ বৈষম্য নাথাকিব। সেনাৰ নিয়মত কোনো ধৰণৰ লিংগ বৈষম্য নকৰাকৈ বিশেষ বাহিনীত যোগদানৰ একমাত্ৰ মাপকাঠী যোগ্যতা বুলিও তেওঁ কয়।এই কমাণ্ডো বাহিনীটো মূলতঃ শত্ৰুৰ ভূমিত সেনাবাহিনীৰ বিশেষ অভিযানৰ বাবে ব্যৱহাৰ কৰা হয় বুলিও তেওঁ কয়। পূৰ্বতে পাকিস্তান দখল কৰা কাশ্মীৰৰ উগ্ৰপন্থী শিবিৰত সেনাৰ ‘চাৰ্জিকেল ষ্ট্ৰাইক’ত এই বিশেষ বাহিনীক ব্যৱহাৰ কৰা হৈছিল।
পেৰা এছ এফ সমূহৰ পৃথক ইউনিট আছে যিবোৰক বিশেষভাৱে প্ৰশিক্ষিত কৰি নিয়ৰৰ ক্ষেত্ৰ, মৰুভূমি, হিমালয়ে আগুৰি থকা ঘন বনাঞ্চলকে ধৰি বিভিন্ন প্ৰাকৃতিক পৰিৱেশত কাম কৰিবলৈ প্ৰশিক্ষিত কৰা হৈছে। মন্ত্ৰী গৰাকীয়ে লোকসভাত কয় যে সেনাবাহিনীৰ এই ‘অভিজাত’ শক্তিত যোগদান কৰিবলৈ দীঘলীয়া শাৰীৰিক আৰু মানসিক প্ৰশিক্ষণৰ প্ৰয়োজন। বৰ্তমানৰ ব্যৱস্থাৰ অধীনত মহিলা জোৱানসকলে স্বেচ্ছাসেৱী হিচাপে কম সময়ৰ বাবে বিশেষ বাহিনীত যোগদান কৰিব পাৰে। কিন্তু সেই শাৰীৰিক আৰু মানসিক ক্ষমতা বৃদ্ধি কৰিবলৈ তেওঁলোকেও প্ৰশিক্ষণ ল’ব লাগিব।
প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে কয় যে বিগত সময়ত ভাৰতীয় বায়ুসেনাৰ দুগৰাকী মহিলা বিষয়াই স্বেচ্ছাই বিশেষ বাহিনীৰ প্ৰশিক্ষণত যোগদান কৰিছিল। কিন্তু উত্তীর্ণ হ’ব নোৱাৰিলে। শেহতীয়াকৈ ২০ গৰাকী মহিলাই অগ্নিবীৰ বিশেষ বাহিনীত যোগদানৰ বাবে আবেদন জনাইছিল। কিন্তু তেওঁলোকে প্ৰশিক্ষণত যোগদান কৰিবলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে।