VOICE 24x7
Saturday, September 23, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আগন্তুক বর্ষত আগতীয়াকৈ অনুষ্ঠিত হ’ব আই পি এল

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 29, 2023
in ক্ৰীড়া
আগন্তুক বর্ষত আগতীয়াকৈ অনুষ্ঠিত হ’ব  আই পি এল
0
SHARES
24
VIEWS
Share on FacebookShare on Twitter

অহা বছৰৰ টি-২০ বিশ্বকাপ ৪ জুনত আৰম্ভ হোৱাৰ সম্ভাৱনা আছে ৷ ইয়াৰ ফলত আই পি এলৰ সময় সলনি হোৱাৰ সম্ভাৱনা আছে। সাধাৰণতে আই পি এল মাৰ্চৰ শেষৰ ফালে বা এপ্ৰিলৰ আৰম্ভণিতে আৰম্ভ হয়। কিন্তু এইবাৰ হয়তো বিশ্বকাপৰ বাবে আগুৱাই অনা হ’ব আই পি এলৰ তাৰিখ।

 

এইবাৰ ৩১ মাৰ্চৰ পৰা আৰম্ভ হৈছিল আই পি এল। ২৯ মে’ত অনুষ্ঠিত হৈছিল ফাইনেল। অৰ্থাৎ প্ৰায় দুমাহ ধৰি অনুষ্ঠিত হৈছিল আই পি এল। আই চি চিৰ কেলেণ্ডাৰত আই পি এলৰ বাবে ডেৰ-দুমাহ সামৰি লোৱা হৈছে। যদি অহা বছৰ একে সময়তে অনুষ্ঠিত হয় ১০ দলৰ এই টি-২০ লীগ, তেন্তে বিশ্বকাপৰ মাত্ৰ পাঁচ দিন আগতে দলসমূহে পাব ক্ৰিকেটাৰসকলক । তেনে ক্ষেত্ৰত বহু দলে নিজৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰক আই পি এল খেলিবলৈ নিদিয়ে। আই পি এলৰ ফ্ৰেঞ্চাইজিয়ে সেইটো একেবাৰেই মানি নলয়। ভাৰতীয় দলৰ ক্ৰিকেটাৰসকলেও দুমাহ ধৰি আই পি এল খেলাৰ মানসিক চাপত ৫ দিনৰ ভিতৰত টি-২০ বিশ্বকাপত অংশ ল’বলৈ ইচ্ছুক হ’ব  যেন নালাগে।

 

টি-২০ বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বে দলসমূহৰ প্ৰস্তুতিৰ বাবে কমেও দুসপ্তাহৰ প্ৰয়োজন হ’ব। গতিকে যদি মাৰ্চ মাহৰ মাজভাগত আই পি এল আৰম্ভ হয় আৰু ১৫ মে’ৰ ভিতৰত শেষ হয় তেন্তে ই সকলো দলৰ বাবে লাভজনক হ’ব। আই পি এলত খেলা ক্ৰিকেটাৰসকলৰ প্ৰদৰ্শন দেখিও তেওঁলোকে নিজৰ দল নিৰ্বাচন কৰিব পাৰে। টি-২০ বিশ্বকাপৰ দল নিৰ্বাচনত আই পি এলৰ মুখ্য ভূমিকা ইয়াৰ পূৰ্বেও দেখা গৈছে। সেই কাৰণে যদি আই পি এল আগতীয়াকৈ অনুষ্ঠিত হয় তেন্তে বিভিন্ন দেশ লাভৱান হ’ব। বিশ্বকাপৰ পূৰ্বে ক্ৰিকেটাৰসকলেও নিজৰ শক্তি পৰীক্ষা কৰাৰ সুযোগ পাব।

 

অহা বছৰ আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হ’ব বিশ্বকাপ। সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি অহা বছৰৰ টি-২০ বিশ্বকাপ ৪ জুনৰ পৰা আৰম্ভ হ’ব। ৩০ জুনত হ’ব পাৰে ফাইনেল। আমেৰিকা আৰু কেৰিবিয়ান দ্বীপপুঞ্জৰ ১০টা স্থানত ২০টা দলৰ সৈতে আয়োজন কৰা হ’ব টি-২০ বিশ্বকাপ। অহা সপ্তাহত আমেৰিকাৰ কোনবোৰ ভেন্যুত খেলা হ’ব সেইটো সিদ্ধান্ত ল’ব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে। প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰতিযোগিতা হ’বলৈ গৈ আছে। আন্তঃৰাষ্ট্ৰীয় খেলখন আমেৰিকাৰ ফ্ল’ৰিডাত অনুষ্ঠিত হয়। চলি থকা ৱেষ্ট ইণ্ডিজ বনাম ইণ্ডিয়া ছিৰিজৰ দুখন মেচ তাতেই অনুষ্ঠিত হ’ব। ইয়াৰ উপৰিও মৰিছভিল, ডালাছ আৰু নিউয়ৰ্কত টি-২০ বিশ্বকাপৰ মেচ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

 

২০২৪ চনৰ টি-২০ বিশ্বকাপৰ বাবে ১৫টা দলে যোগ্যতা অৰ্জন কৰিছে। ৰেংকিঙৰ ভিত্তিত ভাৰত, অষ্ট্ৰেলিয়া, ইংলেণ্ড, পাকিস্তান, নিউজিলেণ্ড, দক্ষিণ আফ্ৰিকা, বাংলাদেশ, শ্ৰীলংকা, আফগানিস্তান আৰু নেদাৰলেণ্ডে পোনপটীয়াকৈ যোগ্যতা অৰ্জন কৰে। আয়োজক দেশ হিচাপে খেলিব আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজে। আয়াৰলেণ্ড, স্কটলেণ্ড আৰু পাপুয়া নিউগিনিয়ে কোৱালিফাইং ৰাউণ্ডত খেলি বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিছে। কোৱালিফাইং ৰাউণ্ডৰ পৰা আৰু পাঁচটা দল ওলাই আহিব।​

 

 

 

 

 

 

 

 

 

 

 

Previous Post

‘’অর্ধ আকাশ’ত কোনো আশা নাই? সেনাৰ বিশেষ বাহিনীত মহিলাৰ অনুপস্থিতিৰ বাবে সংসদত প্ৰশ্ন উত্থাপন

Next Post

মুম্বাইৰ পৰা বহু দূৰৈত সময় কটাইছে হৃত্বিক-ছাবাই

Related Posts

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?
ক্ৰীড়া

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
শচীন- অমিতাভৰ পাছত কোনে পালে বিশ্বাকাপৰ গ’ল্ডেন টিকট ?
ক্ৰীড়া

শচীন- অমিতাভৰ পাছত কোনে পালে বিশ্বাকাপৰ গ’ল্ডেন টিকট ?

September 20, 2023
গুৱাহাটীত প্ৰদর্শন এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ ট্ৰফী
ক্ৰীড়া

গুৱাহাটীত প্ৰদর্শন এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ ট্ৰফী

September 13, 2023
ছুপাৰ ফ’ৰত ভাৰত-পাকৰ মেচ উপভোগৰ পৰা পুনৰ বঞ্চিত হোৱাৰ আশংকা ঘনীভূত হৈছে
ক্ৰীড়া

ছুপাৰ ফ’ৰত ভাৰত-পাকৰ মেচ উপভোগৰ পৰা পুনৰ বঞ্চিত হোৱাৰ আশংকা ঘনীভূত হৈছে

September 6, 2023
ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসঃ নেহৰু ষ্টেডিয়ামত চাইকেল ৰেলী- পৰম্পৰাগত খেল
ক্ৰীড়া

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসঃ নেহৰু ষ্টেডিয়ামত চাইকেল ৰেলী- পৰম্পৰাগত খেল

August 29, 2023
এছিয়া কাপৰ পূৰ্বে বাবৰৰ ক্ৰিকেট ব’ৰ্ডত নাটক,  নিশাৰ ভিতৰতে অধ্যক্ষক অপসাৰণ কৰাৰ সম্ভাৱনা
ক্ৰীড়া

এছিয়া কাপৰ পূৰ্বে বাবৰৰ ক্ৰিকেট ব’ৰ্ডত নাটক, নিশাৰ ভিতৰতে অধ্যক্ষক অপসাৰণ কৰাৰ সম্ভাৱনা

August 23, 2023
Next Post
মুম্বাইৰ পৰা বহু দূৰৈত সময় কটাইছে হৃত্বিক-ছাবাই

মুম্বাইৰ পৰা বহু দূৰৈত সময় কটাইছে হৃত্বিক-ছাবাই

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7