প্ৰচণ্ড গৰমত এতিয়া বিশ্বৰ প্ৰায় বেছিভাগ গৰম ঠাইতে এতিয়া আইচক্ৰীম সকলোৰে প্ৰিয় ৷এই আইচক্ৰীম বিক্ৰীৰ বাবে গ্ৰাহক সকলক আকৰ্ষিত কৰিবলৈ ব্যস্ত হৈ পৰিছে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহো ৷
আজি আমি ক’বলৈ ওলাইছো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা তেনে এক আইচক্ৰীমৰ কথা ৷ বৰ্তমান সময়ত চীনত অতি জনপ্ৰিয় হৈ পৰিছে এই বিশেষ আইচক্ৰীম৷ ফেশ্বন ফ্লেভাৰৰ সৈতে চীনৰলোকসকলে উপভোগ কৰিছে এই বিশেষ আইচক্ৰীম।
সংবাদ মাধ্যম সমূহৰ প্ৰতিবেদন অনুসৰি চীনৰ জিয়াংছু প্ৰদেশত এখন দোকানত খাদ্যপ্ৰেমীসকলক পৰিবেশন কৰা ঐছে এই আইচক্ৰীম ৷ ঠাণ্ডা আইচক্ৰীম ক’ণটোক এটা স্কাৰ্ট পিন্ধাই ভালদৰে সজাই পৰাই পৰিবেশন কৰিবলৈ আৰম্ভ কৰাৰ পিছৰে পৰাই এই কথা সামাজিক মাধ্যমত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে যি বৰ্তমান হাজাৰ হাজাৰ লোকক আকৰ্ষিত কৰিছে ।
হৰ্ছ-ফে’চ স্কাৰ্ট বা মা মিয়ান কান হৈছে চীনৰ এবিধ পৰম্পৰাগত সাজ-পোছাক যি ৯৬০চনৰ পৰা ১২৭৯চনলৈকে ছং বংশৰ শাসনকালৰ পৰাই চলি আহিছে। আনহাতে আইচক্ৰীমৰ দোকানখনে এই স্কাৰ্ট পিন্ধাই আইচক্ৰীমৰ ডিজাইন কৰা বুলি জানিব পৰা গৈছে।
ষ্ট’ৰৰ এজন কৰ্মচাৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁলোকে জিয়াংনান আৰু চীনা সংস্কৃতিৰ প্ৰচাৰৰ বাবে এই আইচক্ৰীমসমূহ ডিজাইন কৰিছে।
স্কাৰ্ট পৰিধান কৰা এই মৰমলগা আইচক্ৰীমটো দেখি নিশ্চয় আপোনাৰো মন গৈছে ইয়াৰ সোৱাদ ল’বলৈ ?
সঁচাকৈয়ে আচৰিত নহয়নে ?
এতিয়া আইচক্ৰীমেও পিন্ধিলে স্কাৰ্ট