তালিবান শাসনলৈ অহাৰ পাছতে এটাৰ পাছত আন এটা কঠোৰ নিয়ম বলবৎ কৰিছে আফগানিস্তানত ৷ এইবাৰ আফগানিস্তানত সংগীত নিষিদ্ধ কৰিছে তালিবানে। জব্দ কৰা সকলো বাদ্যযন্ত্ৰ জ্বলাই দিলে প্ৰশাসনে। সপ্তাহৰ শেষৰ ফালে হেৰাট প্ৰদেশত গীটাৰ, হাৰমনিয়াম, তবলা জ্বলাই দিয়া হয়।
খবৰ অনুসৰি শনিবাৰে কেইবাহাজাৰ টকাৰ বাদ্যযন্ত্ৰ জ্বলাই দিয়া হয়। মূলতঃ চহৰৰ বিভিন্ন বিবাহ ঘৰৰ পৰা জব্দ কৰা হৈছিল। তালিবান চৰকাৰে দুৰ্নীতি প্ৰতিৰোধৰ বাবে সুকীয়া মন্ত্ৰালয় মুকলি কৰিছে। দোষ-গুণৰ সংজ্ঞা কঠোৰ ধৰ্মীয় অনুশাসনৰ দ্বাৰা নিৰ্ধাৰিত। সেইবাবেই গায়ন-বায়নক দোষাৰোপ কৰা হৈছে। হেৰাটৰ মন্ত্ৰালয়ৰ মুৰব্বী আজিজ আল ৰহমান আল মুহাজিৰে কয় যে, সংগীতে নৈতিক অৱনতি ঘটায়। যুৱকসকল উত্তেজিত হৈ পৰে।”যোৱা সপ্তাহত সমগ্ৰ দেশতে বিউটি পাৰ্লাৰ বন্ধ কৰা হৈছিল ৷