মেইটেইক বাধা দিবলৈ এইবাৰ নগা সংগঠনৰ কাষ চাপিছে মণিপুৰৰ কুকিসকল ৷ দীঘলীয়া তিনিটা দশকৰ ৰক্তাক্ত শত্ৰুতাৰ ইতিহাস পাহৰি মণিপুৰৰ শীৰ্ষ নগা সংগঠন ‘ইউনাইটেড নগা কাউন্সিল’ (ইউএনচি)ৰ আহ্বানত নগা অধ্যুষিত অঞ্চলত ৯ আগষ্টত আয়োজন কৰা গণ সভালৈ কুকি সামাজিক সংগঠনৰ যৌথ মঞ্চ ‘কুকি ইনপি’ই সমৰ্থন জনাইছে।
১৯৯২ চনত নগা আৰু কুকি নামৰ দুই জনগোষ্ঠীয় সম্প্ৰদায়ৰ মাজত ৰক্তাক্ত সংঘাতৰ সৃষ্টি হৈছিল । আজিৰ মণিপুৰৰ দৰে সেই হিংসাত হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছিল। কেইবা হাজাৰ লোক স্থানচ্যুত হৈছিল। যদিও সেই সংঘাত ১৯৯৭ চনত শেষ হৈছিল, তথাপিও তেওঁলোকৰ সম্পৰ্ক স্বাভাৱিক নহয়। উখৰুল, সেনাপতিৰ দৰে নগা প্ৰধান অঞ্চলবোৰ মেইটেইৰ দৰেই কুকিসকলৰ বাবেও প্ৰৱেশ নিষিদ্ধ ৷
এনে পৰিস্থিতিত কুকি ইনপিৰ এই পদক্ষেপক একাংশ ৰাজনৈতিক আৰু সামাজিক বিশ্লেষকে ‘উল্লেখযোগ্য’ বুলি গণ্য কৰে। মণিপুৰৰ আদিবাসী মেইটেই হিন্দু কিন্তু নগা আৰু কুকি খ্ৰীষ্টান। যদিও দুয়োটা সম্প্ৰদায়ৰ পৃথক গীৰ্জা আছে। শেহতীয়াকৈ মণিপুৰত সংঘটিত হোৱা হিংসাত্মক পৰিস্থিতিত কেইবাটাও কুকি-জো গীৰ্জাত আক্ৰমণ কৰা হৈছিল যদিও নগা চহৰৰ টাংখুল গীৰ্জা কোনো ক্ষতি হোৱা নাছিল। নগা উগ্ৰপন্থী সংগঠন এন এছ চি এন (আই এম) আৰু কেন্দ্ৰৰ মাজত হোৱা চুক্তিৰ ভিত্তিত নগা সমস্যাৰ ৰাজনৈতিক সমাধানৰ দাবীত গণ সমাৱেশৰ আহ্বান জনাইছে ইউ এন চিয়ে। কুকি সংগঠনসমূহে দীৰ্ঘদিন ধৰি নগাসকলৰ এই দাবীৰ বিৰোধিতা কৰি আহিছে যদিও এইবাৰ ইয়াৰ ব্যতিক্ৰম হ’ল।