অৱশেষত অন্ত পৰিল দুটা দশকৰ দীৰ্ঘদিনীয়া নিষেধাজ্ঞা। ৭৭ সংখ্যক স্বাধীনতা দিৱসত মণিপুৰলৈ উভতি আহিল হিন্দী ছবি। মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ অস্থায়ী মুকলি আকাশৰ থিয়েটাৰত মঙলবাৰে প্ৰদৰ্শিত হয় বিকি কৌশল অভিনীত ‘উৰি: দ্য চাৰ্জিকেল ষ্ট্ৰাইক’। চিনেমা প্ৰদৰ্শনত লমকা অঞ্চলৰ বহু লোক উপস্থিত থাকে। এই ছবিখনৰ প্ৰদৰ্শনৰ আয়োজন কৰিছিল হোমাৰ ছাত্ৰ সন্থাই।
বিগত ২৩ বছৰ ধৰি মণিপুৰত বন্ধ হৈ আছিল হিন্দী ছবিৰ প্ৰদৰ্শনী। ২০০০ চনৰ ছেপ্টেম্বৰ মাহত নিষিদ্ধ পিপলছ লিবাৰেচন আৰ্মীৰ ৰাজনৈতিক শাখা ৰিভল্যুচনেৰী পিপলছ ফ্ৰণ্টে মণিপুৰত হিন্দী ছবি প্ৰদৰ্শনত নিষেধাজ্ঞা আৰোপ কৰে। কৰণ জোহৰৰ পৰিচালিত আৰু শ্বাহৰুখ খান, কাজল আৰু ৰাণী মুখাৰ্জী অভিনীত কুচ কুচ হোতা হাই শেষবাৰৰ বাবে ১৯৯৮ চনত মণিপুৰত প্ৰদৰ্শিত হৈছিল। ২৫ বছৰৰ পাছত পুনৰ মণিপুৰত স্থান পালে হিন্দী ছবিয়ে। ছাত্ৰ সংগঠনটোৱে দাবী কৰে যে এই সিদ্ধান্ত মেইটেই মূল সন্ত্ৰাসবাদী সংগঠন ‘দ্য ৰিভল্যুচনেৰী পিপলছ ফ্ৰণ্ট’ৰ সিদ্ধান্তৰ প্ৰতিবাদত লোৱা হৈছে। সংগঠনটোৱে নিজকে তেওঁলোক কুকি জনগোষ্ঠীৰ কণ্ঠস্বৰ বুলি দাবী কৰে। আদিবাসী জনজাতি মঞ্চৰ নেতা মুখপাত্ৰ গিঞ্জা ভুৱালজঙে কয় যে তেওঁলোকৰ চহৰত শেষবাৰৰ বাবে হিন্দী ছবি প্ৰদৰ্শন কৰা হৈছিল দুটা দশকৰো অধিক পূৰ্বে। দীৰ্ঘদিন ধৰি মেইটেই সকলে হিন্দী চিনেমা নিষিদ্ধ কৰি আহিছে। তেওঁলোকৰ দেশবিৰোধী নীতিৰ প্ৰতিবাদ আৰু দেশপ্ৰেমৰ নিদৰ্শন দাঙি ধৰিবলৈ তেওঁলোকে নিষেধাজ্ঞা ভংগ কৰি ২৩ বছৰৰ পাছত হিন্দী ছবি প্ৰদৰ্শন কৰাৰ সিদ্ধান্ত লৈছে বুলি দাবী কৰিছে মুখপাত্ৰ ভুৱালজুঙে।
যোৱা মে’ মাহৰ পৰা মণিপুৰত জনজাতীয় সংঘাতৰ সৃষ্টি হৈছে। ৰাজ্যখনত সংখ্যাগৰিষ্ঠ মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছে। এতিয়ালৈকে আনুষ্ঠানিকভাৱে মৃত্যু হোৱা লোকৰ সংখ্যা ১৬০ জন। হিংসাৰ বাবে প্ৰায় ৬০ হাজাৰ লোক গৃহহীন হৈ পৰিছে।