চন্দ্ৰৰ পৃষ্ঠত অৱতৰণ কৰি ইতিহাস ৰচনা কৰাৰ সময় সমাগত ৷ ইছৰোৱে প্ৰেৰণ কৰা চন্দ্ৰযান-৩ৰ চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিবলৈ আৰু মাত্ৰ কেইঘণ্টামানহে বাকী ৷ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ দ্বাৰা নিৰ্মিত চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰমে চন্দ্ৰৰ একেবাৰে কাষত অৱস্থান কৰিছে ৷ অহা বুধবাৰে সন্ধিয়া ভাৰতীয় সময় অনুসৰি ঠিক ৬:০৪ বজাত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব চন্দ্ৰযানখনে ৷ কিন্তু এই লেণ্ডিং ক’ত হ’ব? চন্দ্ৰৰ দক্ষিণ মেৰুৰ দুৰ্গম গহ্বৰযুক্ত মাটিৰ পৰিৱর্তে অৱতৰণৰ বাবে বিক্ৰমক তুলনামূলকভাৱে মসৃণ মাটিৰ প্ৰয়োজন। বৰ্তমান ইছৰোৱে সেই মসৃণ পৃষ্ঠৰ সন্ধান অব্যাহত ৰাখিছে ৷
সোমবাৰে ইছৰ’ই প্ৰকাশ কৰিছে চন্দ্ৰৰ আন কেইখনমান ছবি। চন্দ্ৰত ভৰি দিয়াৰ আগতে বিক্ৰমে নিৰাপদ অৱতৰণ স্থান বিচাৰিছে। ইছৰোৰ কেমেৰাৰ দ্বাৰা তোলা ছবিসমূহ ইছৰোৱে প্ৰকাশ কৰিছে ৷
এটা টুইটত ইছৰোৱে লিখিছে, “এইবোৰ চন্দ্ৰৰ যথেষ্ট দূৰৈৰ ছবি। এই ছবিসমূহ বিক্ৰমৰ ভিতৰত থকা লেণ্ডাৰ হেজাৰ্ড ডিটেকচন এণ্ড এভয়ডেন্স কেমেৰা (এল এইচ ডি এ চি)ৰ দ্বাৰা তোলা হৈছে। এই বিশেষ কেমেৰাই চন্দ্ৰৰ পৃষ্ঠত অৱতৰণ কৰিবলৈ নিৰাপদ স্থান বিচাৰি উলিওৱাত সহায় কৰে।”
Chandrayaan-3 Mission:
Here are the images of
Lunar far side area
captured by the
Lander Hazard Detection and Avoidance Camera (LHDAC).This camera that assists in locating a safe landing area — without boulders or deep trenches — during the descent is developed by ISRO… pic.twitter.com/rwWhrNFhHB
— ISRO (@isro) August 21, 2023
চন্দ্ৰৰ ভূমিত শিল সিঁচৰতি হৈ আছে। সৰু-ডাঙৰ গহ্বৰো আছে। ওখ টিলাবোৰো অৱতৰণত বাধা হৈ পৰিব পাৰে। ইছৰোৰ প্ৰধান লক্ষ্য হৈছে শিল বা গাঁত এৰাই চলি তুলনামূলকভাৱে খালী স্থান চিনাক্ত কৰা। ইয়াৰ পিছত বিক্ৰমক তাতেই অৱতৰণ কৰা হ’ব।
বুধবাৰে সন্ধিয়া চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰমে চৰাইৰ দৰে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব ৷চন্দ্ৰ অভিযানৰ এই পৰ্যায়টোৱেই আটাইতকৈ কঠিন বুলি ধৰা হয়। চাৰিবছৰ পূৰ্বে এই পৰ্যায়ত বিফল হৈছিল চন্দ্ৰযান-২। অৱশ্যে এইবাৰ এনে কোনো সম্ভাৱনা নাই বুলি দাবী কৰিছে ইছৰোৰ। কোনো ডাঙৰ বিপৰ্যয় নহ’লে অতি সোনকালে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব বিক্ৰমে। সমগ্ৰ দেশে এই মধুৰ ক্ষণলৈ অপেক্ষা কৰি আছে ৷