এছিয়া কাপৰ ১৭ জনীয়া দল ঘোষণা কৰিছে ভাৰতে। দেশৰ মাটিত হ’বলগীয়া এদিনীয়া বিশ্বকাপৰ কথা মনত ৰাখি এই দলটো বাছনি কৰা হৈছে। ভাৰতীয় দললৈ উভতি আহিছে দুগৰাকী ক্ৰিকেটাৰ শ্ৰেয়াছ আয়েৰ আৰু কে এল ৰাহুল। দলৰ নতুন মুখ তিলক বাৰ্মা। ৰিজাৰ্ভ ক্ৰিকেটাৰ হিচাপে ৰখা হৈছে সঞ্জু চেমছনক।
সোমবাৰে বিচিচিআইৰ বাছনি সমিতিৰ বৈঠক অনুষ্ঠিত হয় । পাঁচজন নিৰ্বাচকৰ উপৰিও দলীয় প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় আৰু অধিনায়ক ৰোহিত শর্মা তাত উপস্থিত থাকে। নেচনেল ক্ৰিকেট একাডেমীৰ এজন বিষয়াও উপস্থিত আছিল বৈঠকত । আহত ক্ৰিকেটাৰসকলৰ শাৰীৰিক অৱস্থাৰ তথ্য তেওঁ প্ৰদান কৰে । পিছত আগৰকাৰ আৰু ৰোহিতে সংবাদমেলযোগে দলটোৰ কথা ঘোষণা কৰে।
ভাৰতৰ ১৭ জনীয়া দল : ৰোহিত শৰ্মা (অধিনায়ক), বিৰাট কোহলী, শুভমন গিল, লোকেশ ৰাহুল (উইকেটকীপাৰ), শ্ৰেয়াছ আয়াৰ, হাৰ্দিক পাণ্ডিয়া (উপ অধিনায়ক), ৰবীন্দ্ৰ জাদেজা, যশপ্ৰীত বুমৰাহ, মহম্মদ ছামি, মহম্মদ চিৰাজ, কুলদীপ যাদৱ, ঈশান কিষাণ (উইকেটকীপাৰ), অক্ষৰ পেটেল, শাৰদুল ঠাকুৰ, সূৰ্য্যকুমাৰ যাদৱ, তিলক বাৰ্মা, প্ৰসিদ্ধ কৃষ্ণ, সঞ্জু চেমচন (ৰিজাৰ্ভ)।