VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মাত্ৰ সাতখন টি-২০ খেলি এছিয়া কাপত সুযোগ পাই নিজেই আচৰিত হৈছে তিলক বার্মা

voicedesk by voicedesk
August 22, 2023
in ক্ৰীড়া
মাত্ৰ সাতখন টি-২০ খেলি এছিয়া কাপত সুযোগ পাই নিজেই আচৰিত হৈছে তিলক বার্মা
0
SHARES
53
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ হৈ এদিনীয়াত অভিষেক ঘটাব পৰা নাই তিলক বাৰ্মাই। আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ হৈ ভাল খেলি ভাৰতৰ টি-২০ দলত সুযোগ লাভ কৰিবলৈ সক্ষম হৈছে । চলিত মাহৰ আৰম্ভণিতে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন মেচ খেলিছিল তিলকে । কেৰিবিয়ানৰ বিৰুদ্ধে পাঁচখন টি-২০ মেচ আৰু আয়াৰলেণ্ডৰ বিৰুদ্ধে দুখন খেল খেলাৰ পাছত তেওঁক এদিনীয়া দলত স্থান দিয়া হৈছে । এছিয়া কাপৰ দলতো অন্তভুর্ক্ত হৈছে তেওঁ । এনে সুযোগ পাই হায়দৰাবাদৰ বাওঁহতীয়া বেটছমেনজন নিজেই আচৰিত হৈ পৰিছে ৷

 

সোমবাৰে ভাৰতে এছিয়া কাপৰ ১৭ জনীয়া দল ঘোষণা কৰে। সেই দলত তিলকক ৰখা হৈছে। ৱেষ্ট ইণ্ডিজৰ শৃংখলাত পাঁচখন মেচত ১৭৩ ৰান সংগ্ৰহ কৰে যুৱ বাওঁহতীয়া বেটছমেনগৰাকীক। সেই ছিৰিজৰ বেছিভাগ ৰান তেওঁৰ বেটৰ পৰাই আহিছিল। আয়াৰলেণ্ডৰ বিৰুদ্ধে একেৰাহে দুখন খেলত  ৰান লাভ কৰিব নোৱাৰিলেও ৰোহিত শৰ্মাই তিলকৰ ওপৰত নিৰ্ভৰ কৰিছে। এই সুযোগ সন্দৰ্ভত তিলকে কয় –“ মোৰ এদিনীয়া ক্ৰিকেট অভিষেক এছিয়া কাপত হ’ব পাৰে বুলি মই কল্পনা কৰিব নোৱাৰো। মোৰ বিশ্বাস আছিল যে মই এদিনীয়া ক্ৰিকেটত ভাৰতৰ হৈ খেলিম। কিন্তু এছিয়া কাপৰ দৰে প্ৰতিযোগিতাত সেয়া হ’ব পাৰে বুলি মই ভবা নাছিলো। টি-২০ত অভিষেক ঘটোৱা বছৰটো, একে বছৰতে এদিনীয়া ক্ৰিকেট খেলাৰ সুযোগ মোৰ বাবে এক সপোন।”

 

আই পি এলত মুম্বাইৰ হৈ খেলিছিল তিলকে । ৰোহিত সেই দলৰ অধিনায়ক। তিলক ক’লে, “ৰোহিত ভাই সদায় মোৰ কাষত থিয় হৈ আহিছে। আনকি আই পি এলত প্ৰথমবাৰৰ বাবে খেলিবলৈ যোৱাৰ সময়তো ৰোহিত ভাইয়ে মোক চাপ ল’বলৈ মানা কৰিছিল। তেওঁৰ লগত যিকোনো সময়তে কথা পাতিব পাৰিম। কিবা অসুবিধা হ’লে মই ৰোহিত ভাইৰ ওচৰলৈ যাব পাৰো। পঞ্জাব কিংছৰ বিৰুদ্ধে খেলত আউট হোৱাৰ বাবে বিচলিত হৈছিলো। সেই সময়ত ৰোহিত ভাই মোৰ লগত কথা পাতিলে। সেইটোৱে মোক প্ৰচণ্ড সহায় কৰিলে।”

 

৩০ আগষ্টৰ পৰা আৰম্ভ হ’ব এছিয়া কাপ। ভাৰতৰ প্ৰথমখন খেল পাকিস্তানৰ বিৰুদ্ধে। সেই মেচখন হ’ব ২ ছেপ্টেম্বৰত। ভাৰতে শ্ৰীলংকাত এছিয়া কাপ খেলিব। এইবাৰ এদিনীয়া বিশ্বকাপৰো আয়োজন কৰা হৈছে ভাৰতত । ভাৰতে ঘৰুৱা ক্ষেত্ৰত সেই প্ৰতিযোগিতা খেলাৰ পূৰ্বে এছিয়া কাপত নিজৰ দলটোক পৰীক্ষা কৰিবলৈ সক্ষম হ’ব। গতিকে কেৱল এছিয়া কাপেই নহয়, বিশ্বকাপ খেলাৰ সুযোগো হয়তো তিলকলৈ আহিব পাৰে।

Previous Post

ক’ৰোণাৰ নতুন ৰূপে সৃষ্টি কৰিছে উদ্বেগ! ‘জিন ক্ৰম’ পৰীক্ষাৰ বাবে ৰাজ্যসমূহলৈ নির্দেশ কেন্দ্ৰৰ

Next Post

সংগীতানুষ্ঠানৰ সময়ত অনুৰাগীয়ে নিক জোনাছলৈ দলিয়াই দিলে বেণ্ড, খঙতে কি কৰিলে প্ৰিয়ংকাৰ স্বামীয়ে ?

Related Posts

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই
ক্ৰীড়া

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই

August 31, 2024
ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ  বিদায়
ক্ৰীড়া

ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ বিদায়

August 31, 2024
আজি পুনৰ খেলপথাৰত নামিব ৰিয়ান, এবছৰৰ ভিতৰতে স্থান পাব ৰাষ্ট্ৰীয়  দলত ? কোন তাৰকাই কৰিলে ভৱিষ্যৎবাণী
ক্ৰীড়া

এদিনীয়াত অভিষেক ঘটিল ৰিয়ান পৰাগৰ, শ্ৰীলংকাৰ বিৰুদ্ধে মূল একাদশত স্থান লাভ

August 7, 2024
আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক
ক্ৰীড়া

আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক

August 7, 2024
অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা
ক্ৰীড়া

অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা

August 6, 2024
অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন
ক্ৰীড়া

অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন

August 5, 2024
Next Post
সংগীতানুষ্ঠানৰ সময়ত অনুৰাগীয়ে নিক জোনাছলৈ দলিয়াই দিলে বেণ্ড, খঙতে  কি কৰিলে প্ৰিয়ংকাৰ স্বামীয়ে ?

সংগীতানুষ্ঠানৰ সময়ত অনুৰাগীয়ে নিক জোনাছলৈ দলিয়াই দিলে বেণ্ড, খঙতে কি কৰিলে প্ৰিয়ংকাৰ স্বামীয়ে ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7