ৰাজপথত হওক বা সংগীতানুষ্ঠানত হওক, প্ৰিয় সংগীতজ্ঞসকলৰ অনুৰাগীয়ে তেওঁলোকক সন্মুখত দেখিলে প্ৰায়ে বিভিন্ন ধৰণৰ আচৰণ কৰে। কেতিয়াবা অনুৰাগীৰ অদ্ভুত আচৰণৰ বাবে কণ্ঠশিল্পীসকলৰ ক্ষোভিত হৈ পৰে ৷ কেইবামাহো পূৰ্বে মঞ্চত গান গাই থকাৰ সময়তে এজন অনুৰাগীয়ে অৰিজিত সিঙৰ হাতত ধৰিছিল। কিছুদিন পূৰ্বে আমেৰিকাত কাৰ্ডি বিক লক্ষ্য কৰি পানীয় দলিয়াই দিয়া হৈছিল । গায়কজনে খঙতে মাইকটো পিছলৈ দলিয়াই দিছিল। এইবাৰ নিক জ’নাছৰ লগত অনুৰূপ ঘটনা সংঘটিত হ’ল ৷
টৰন্টোত জোনাছ ব্রাদাৰ্ছৰ সংগীতানুষ্ঠানৰ সময়ত প্ৰিয়ংকাৰ স্বামী নিক জোনাছলৈ হাতত পৰিধান কৰা বেণ্ড নিক্ষেপ কৰে এজন দৰ্শকে। নিকৰ বুকুত বেণ্ডটোৱে খুন্দা মাৰে ৷ হঠাৎ ঘটা ঘটনাটোৱে নিকক আচৰিত কৰি তোলাৰ লগে লগে তেওঁ আঙুলি টোৱাই যাতে পুনৰ যাতে তেনে নকৰে তাৰ বাবে সকীয়াই দিয়ে ৷ এই ঘটনাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত বিয়পি পৰে। অনুৰাগীৰ আচৰণক সমালোচনা কৰি নেটিজেনসকলে লিখিছে, “প্লিজ বন্ধ কৰক! মানুহে বুজি নাপায় যে এজন শিল্পীক তেনে ব্যৱহাৰ কৰাটো ঠিক নহয়।” কোনোবাই মন্তব্য কৰিছে, ”নিকে কেইবাবাৰো কৈছে অনুগ্ৰহ কৰি এইটো নকৰিবা।” কাৰণ, প্ৰথমবাৰৰ বাবে নহয়। কিছুদিন পূৰ্বে নিকৰ শ্ব’ৰ সময়ত এগৰাকী মহিলাই আণ্ডাৰৱেৰ দলিয়াই দিছিল ৷ সেইদিনা নিকৰ শ্ব’ত প্ৰিয়ংকাও উপস্থিত আছিল। এনেধৰণৰ আণ্ডাৰৱেৰ নিক্ষেপ কৰাৰ ঘটনা আগতেও সংঘটিত হৈছে।