এছিয়া কাপৰ পূৰ্বে নতুন বিপদত পাকিস্তান ক্ৰিকেট ব’ৰ্ড। প্ৰাপ্ত তথ্য অনুসৰি বৰ্তমানৰ ব’ৰ্ডৰ অধ্যক্ষ জাকা আশ্ৰাফক অপসাৰণ কৰা হ’ব। ইয়াৰ পূৰ্বে দায়িত্বত থকা নাজাম শ্বেট্টী পুনৰ ক্ষমতালৈ ঘূৰি আহিব পাৰে। ইয়াৰ কাৰণ হ’ব পাৰে পাকিস্তানৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশ।
পাকিস্তানৰ ৰাজনৈতিক পৰিস্থিতিৰ বাবেই এই পৰিৱৰ্তন হ’বলৈ গৈ আছে। দেশত শ্বাহবাজ শ্বৰীফৰ চৰকাৰ আছিল। কিন্তু পাকিস্তানৰ ৰাষ্ট্ৰপতি আৰিফ আলভিয়ে শেহতীয়াকৈ সেই চৰকাৰখন ভংগ কৰে। ফলত পৰৱৰ্তী নিৰ্বাচনলৈ শ্বৰীফৰ চৰকাৰ দায়িত্বত থাকিব। কিন্তু তেওঁলোকৰ কোনো ক্ষমতা নাথাকিব।
ইয়াৰ পিছতে পাকিস্তানৰ নিৰ্বাচন আয়োগে এক বিবৃতি প্ৰকাশ কৰি কয় যে বৰ্তমান চৰকাৰে সকলো ৰাজনৈতিক নিযুক্তিপ্ৰাপ্ত ব্যক্তিক অপসাৰণ কৰিব লাগে। মুক্ত আৰু নিকা নিৰ্বাচনৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে। পাছত পাকিস্তানৰ এটা মন্ত্ৰালয়ে আশ্ৰাফক ৰাজনৈতিক নিযুক্তিপ্ৰাপ্ত বুলি অভিহিত কৰি পাকিস্তান চৰকাৰক আশ্ৰাফক পদৰ পৰা অপসাৰণ কৰিবলৈ নিৰ্দেশ দিয়ে। যদি তেনেকুৱা হয়, তেন্তে নাজাম নিজৰ পুৰণি স্থানলৈ ঘূৰি আহিব পাৰে। জুলাই মাহত দায়িত্ব গ্ৰহণ কৰিছিল আশ্ৰফে। দুমাহৰ ভিতৰত তেওঁক পদৰ পৰা অপসাৰণ কৰিব পাৰে।
পাকিস্তান ব’ৰ্ডৰ অধ্যক্ষ পদটো সদায় ৰাজনৈতিক নিযুক্তি হিচাপে পৰিচিত হৈ আহিছে। চৰকাৰত থকা দলটোৱে নিজৰ প্ৰতিনিধিক পাক ব’ৰ্ডৰ অধ্যক্ষ কৰি লয়। আশ্ৰাফৰ ক্ষেত্ৰত বিষয়টো অধিক নাটকীয়। তেওঁ পাকিস্তান পিপলছ পাৰ্টিৰ সদস্য, বৰ্তমানৰ চৰকাৰৰ নহয়। শ্বৰীফৰ চৰকাৰ ক্ষমতাত থাকিলেও যিহেতু পিপিপিয়ে দেশৰ ক্ৰীড়া মন্ত্ৰালয়ৰ দায়িত্বত আছিল, সেয়েহে তেওঁলোকেই আশ্ৰাফক পিচিবিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়াৰ নিৰ্দেশ দিছিল। ইয়াৰ পিছত আশ্ৰাফক অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয়।