বিজেপিৰ মুখ্য কার্যালয় বাজপেয়ী ভৱনক সামৰি নিযুক্তি কেলেংকাৰীৰ ন্যায়িক তদন্তৰ দাবী উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছে ৷ আজি গুৱাহাটীস্থিত ৰাজীৱ ভৱনত এখন সংবাদমেলত প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ভৰত চন্দ্ৰ নৰহে কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই স্বচ্চ আৰু নিকা পদ্ধতিৰ মাজেৰে নিযুক্তি দিয়াৰ দাবী উত্থাপন কৰিছিল, সেই দাবী তেওঁলোকৰ দলৰে একাংশ জ্যেষ্ঠ নেতা-কর্মীয়ে মিছা বুলি প্ৰিতপন্ন কৰিছে ৷ চাকৰিৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগত একাংশ বিজেপি নেতা গ্ৰেপ্তাৰ হৈছে ৷ দুখজনকভাৱে কিষাণ মর্চাৰ নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰে আত্মহত্যা কৰিবলগীয়া হৈছে ৷ অভিমণ্যু দাসৰ দৰে নেতাৰ বিৰুদ্ধে মাৰণাস্ত্ৰৰে ভাবুকি দিয়াৰ অভিযোগ উঠিছে ৷ এইজন নেতাক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰত ব্যর্থ হৈছে ৷
চাকৰিৰ এই দুর্নীতিৰ সৈতে আৰএছএছ তথা বাজপেয়ী ভৱনৰ কার্যালয় সম্পাদক শান্তনু পূজাৰীৰ নাম উত্থাপন হৈছে বুলি উল্লেখ কৰি তেওঁ কয় –“ গ্ৰেপ্তাৰ হোৱা দ্বিবন ডেকা, অনুৰাগ চলিহা,তৃষ্ণা শর্মা আদিয়ে বিজেপিৰ ওপৰৰ মহলৰ নির্দেশত তেওঁলোকে চাকৰি প্ৰার্থীৰ পৰা ধন সংগ্ৰহ কৰাৰ কথা প্ৰকাশ কৰিছে ৷ কিন্তু ওপৰ মহলনো কোন সেয়া ৰাইজে এতিয়াও জানিব পৰা নাই ৷ ওপৰ মহল মানে স্বাভাৱিকতে বিজেপিৰ কোনো নেতা –মন্ত্ৰী অথবা বিধায়ক জড়িত হৈ থকাৰ সন্দেহ কৰা হৈছে ৷ এই সন্দেহ দুৰ কৰাৰ দায়িত্ব মুখ্যমন্ত্ৰীৰ ৷ ধনৰ বিনিময়ত বিজেপিৰ এক দুষ্টচক্ৰই এই চাকৰিৰ বজাৰ অব্যাহত ৰাখিছে ৷ ‘যাৰ বাবে সমগ্ৰ কেলেংকাৰীৰ ন্যায়িক তদন্তৰ দাবী কৰিছে প্ৰদেশ কংগ্ৰেছে ৷