ভাৰতৰ প্ৰথমখন সৌৰ বাহন আদিত্য-এল১ সূৰ্য্যৰ ফালে আগবাঢ়িছে। ইছৰোৱে ২ ছেপ্টেম্বৰত এই মহাকাশযানখন উৎক্ষেপণ কৰিছিল। বাটত ইছৰোৰ সৌৰযানৰ কেমেৰাই পৃথিৱী আৰু চন্দ্ৰৰ ছবিও বন্দী কৰিলে ৷
আদিত্য-এল১ৰ কেমেৰাই তোলা ছবিখন ইছৰোৱে টুইট কৰে। যোৱা ৪ ছেপ্টেম্বৰত তুলিছিল এই ফটোখন। মহাকাশযানখনে নিজেই লোৱা ছবিখনত দুটা পেলোড দেখা গৈছিল। ভিইএলচি আৰু এছইউআইটি পেলোড আদিত্য-এল১ৰ কেমেৰাত বন্দী কৰা হৈছিল।
ইয়াৰ উপৰিও সৌৰ যানখনৰ কেমেৰাই পৃথিৱী আৰু চন্দ্ৰৰ ফটোও তুলিছিল। পৃথিৱীখনক অতি বৃহৎ পৰিসৰত দেখা যায়। নীলা ৰংটোও স্পষ্ট। অৱশ্যে আদিত্য-এল১-এ অতি সৰু আকাৰত চন্দ্ৰক কেমেৰাত বন্দী কৰিছিল। ইছৰ’ই চন্দ্ৰক কাঁড়ৰে চিহ্নিত কৰি স্থান নিৰ্ণয় কৰাত সহায় কৰিছিল।
অন্ধ্ৰ প্ৰদেশৰ সতীশ ধৱন মহাকাশ গৱেষণা কেন্দ্ৰৰ পৰা সূৰ্য্যৰ ফালে উৎক্ষেপণ কৰা হৈছিল আদিত্য-এল১। সূৰ্য্য আৰু পৃথিৱীৰ মাজৰ লেগ্ৰেঞ্জ বিন্দু বা এল১ বিন্দু এই সৌৰ যানখনৰ গন্তব্যস্থান। পৃথিৱীৰ পৰা কমেও ১৫ লাখ কিলোমিটাৰ দূৰত্বত অৱস্থান কৰিব সৌৰযানখনে । এই পথটো অতিক্ৰম কৰিবলৈ ১২৫ দিন সময় লাগিব। পাঁচবাৰ কক্ষপথ সলনি কৰাৰ পিছত সৌৰ যানখন পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ বাহিৰলৈ যাব। এই প্ৰক্ৰিয়াত ১৬ দিন সময় লাগিব পাৰে।