প্ৰতিশ্ৰুতি অনুসৰি চলিত বৰ্ষৰ শেষত পাকিস্তানত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব। তাৰ বাবে কেইমাহমান পূৰ্বে প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে সংসদৰ নিম্ন সদন ভংগ কৰি নতুন তত্বাৱধায়ক চৰকাৰৰ হাতত দেশ শাসনৰ দায়িত্ব অৰ্পণ কৰিছিল। আৰ্থিকভাৱে জুৰুলা হৈ পৰা দক্ষিণ এছিয়াৰ এইখন দেশৰ ৰক্ষণশীল চৰকাৰক নিৰ্বাচনৰ কেইমাহমান পূৰ্বে বিশ্ব বেংকে পুনৰ সকীয়াই দিছে ৷
পাকিস্তানৰ এখন আগশাৰীৰ দৈনিক কাকতে পাকিস্তানৰ বিশ্ব বেংকৰ মুৰব্বী নাজী বানহাছেইনৰ কিছু বক্তব্য প্ৰকাশ কৰে। নাজীয়ে তাত থকা দায়িত্ববাহী চৰকাৰক সকীয়াই দিছে। তেওঁৰ মতে, এই চৰম আৰ্থিক সংকটৰ পৰা দেশখনক বচাবলৈহে পৰামৰ্শ দিব পাৰে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক সংস্থা বা মিত্ৰ দেশসমূহে। কিন্তু দেশৰ জনসাধাৰণৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ পাকিস্তান চৰকাৰে প্ৰকৃত নীতিগত সিদ্ধান্ত ল’ব লাগিব। নাজিৰে আৰু দাবী কৰে যে এনে নীতিগত সিদ্ধান্ত মূলতঃ ৰাজনীতিবিদ, সেনা বিষয়া আৰু উদ্যোগপতিসকলে গ্ৰহণ কৰিব পাৰিব ৷ যেতিয়া পাকিস্তান চৰম বিত্তীয় সংকটৰ সন্মুখীন হৈছে, তেতিয়া বিশ্ব বেংকৰ বিষয়াগৰাকীয়ে সকীয়াই দিছে যে তত্বাৱধায়ক চৰকাৰে সকলো সিদ্ধান্ত অতি সাৱধানে ল’ব লাগিব।
বিগত কেইমাহমানৰ পৰা পাকিস্তানত মুদ্ৰাস্ফীতি আৰু সুতৰ হাৰ আকাশলংঘী হৈছে। ডলাৰৰ বিপৰীতে অভিলেখ সৃষ্টি কৰিছে পাকিস্তানী টকাৰ মূল্যই । পাক ডেইলীৰ দাবী যে দেশৰ ৪০ শতাংশ জনসাধাৰণে এতিয়া দৰিদ্ৰ সীমাৰেখাৰ তলত জীৱন কটাবলগীয়া হৈছে। যোৱা কেইমাহমানৰ পৰা বিদ্যুতৰ মূল্য বৃদ্ধি পাইছে। ইয়াৰ সমান্তৰালকৈ শিশুৰ মৃত্যুৰ হাৰো বৃদ্ধি পাইছে। অৰ্থাৎ দেশৰ শিশুসকলৰ এক বৃহৎ অংশই উপযুক্ত চিকিৎসা সেৱা লাভ কৰা নাই। একেখন পাক দৈনিক কাকতে তেওঁলোকৰ প্ৰতিবেদনত দাবী কৰিছে যে যোৱা কেইমাহমানৰ পৰা দেশৰ বিভিন্ন প্ৰান্তত কাৰখানাৰ মালিকে উৎপাদন বন্ধ কৰিবলৈ বাধ্য হৈছে। কোনো কোনো ঠাইত চাকৰিৰ পৰা বৰ্খাস্তৰ হাৰ বৃদ্ধি পাইছে, আনহাতে কোনো কোনো ঠাইত সাধাৰণ মানুহৰ দৰমহা হ্ৰাস কৰাত তেওঁলোকৰ ক্ৰয় ক্ষমতা আৰু অধিক হ্ৰাস পাইছে।
এনে পৰিস্থিতিত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ মুৰব্বী ক্ৰীষ্টালিনা জৰ্জিভাই যোৱা সপ্তাহত নিউয়ৰ্কত পাকিস্তানৰ তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰী আনোৱাৰ উল হক কাকাৰৰ সৈতে বৈঠকত বহিছিল। তেওঁ কাকাৰক দেশৰ ধনী শ্ৰেণী আৰু উদ্যোগপতিসকলৰ ওপৰত কৰ বোজা বৃদ্ধি কৰি নিম্ন আৰু মধ্যবিত্ত শ্ৰেণীৰ ওপৰত বোজা কমাবলৈ পৰামৰ্শ দিয়ে। লগতে আমদানি নিষেধাজ্ঞা উঠাই লোৱাৰ পৰামৰ্শ আগবঢ়ায়। অৱশ্যে বিশ্ব বেংক আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ এই পৰামৰ্শসমূহ পাকিস্তান চৰকাৰে কিমান মানি চলিব সেয়া ভৱিষ্যতত দেখা যাব ৷