সাত মহাদেশৰ সিপাৰে পৃথিৱীত এক সুকীয়া ভূখণ্ড আছিল। নাম জিলেণ্ডিয়া। কিন্তু অষ্টম ‘মহাদেশ’খনৰ বহুদিনৰ পৰা সন্ধান লাভ কৰা নাছিল ৷ অৱশেষত বিজ্ঞানীসকলে ইয়াৰ সন্ধান লাভ কৰিছে ৷ প্ৰকাশ কৰা হৈছে হৈছে বিশ্বৰ অষ্টম মহাদেশৰ প্ৰথমখন মানচিত্ৰ। এই অষ্টম ‘মহাদেশে’ পৃথিৱীখনক কিমান আৱৰি ধৰিছে সেয়াও সদৰী কৰা হৈছে ৷
৮৩ নিযুত বছৰ আগতে এই পৃথিৱীত এখন ছুপাৰকন্টিনেণ্ট আছিল। এটা সময়ত সেই বিশাল ভূখণ্ড ভাঙি যায় ৷ টুকুৰা টুকুৰ হৈ নতুন মহাদেশ গঠন হয়। সেই সময়ত জিলেণ্ডিয়াৰ সৃষ্টি হৈছিল। এই অষ্টম মহাদেশৰ বয়স ১ বিলিয়ন বছৰৰ কম বুলি বিজ্ঞানীসকলে তথ্য লাভ কৰিছে। কিন্তু প্ৰাকৃতিক কাৰণত এই মহাদেশখন কোনো এটা সময়ত পানীত ডুব গৈছিল। মাত্ৰ কেইটামান দ্বীপহে জীৱিত হৈ থাকে ৷ ইয়াৰে এটা হ’ল নিউজিলেণ্ড। চাৰিওফালে একে আকৃতিৰ আন কিছুমান দ্বীপ আছে। কিন্তু সেয়া সেই মহাদেশৰ মাত্ৰ ৬ শতাংশহে এই দ্বীপসমূহ । বাকী ৯৪ শতাংশ এতিয়াও পানীৰ তলত ডুব গৈছে।
৩৭৫ বছৰ আগতে এজন নাৱিকে এই মহাদেশৰ বিষয়ে প্ৰথম তথ্য লাভ কৰিছিল । সেয়া আছিল ১৬৪২ খ্ৰীষ্টাব্দৰ কথা। ইয়াৰ পিছত ২০১৭ চনত ভূতত্ত্ববিদসকলে জিলেণ্ডিয়া আৱিষ্কাৰ কৰে। তাৰ পিছত আৰু ছয় বছৰ পাৰ হৈ গ’ল। অৱশেষত বিজ্ঞানীসকলে জিলেণ্ডিয়াৰ সীমা চিনাক্ত কৰিবলৈ সক্ষম হ’ল। সংবাদ সংস্থা বিবিচিৰ তথ্য অনুসৰি এই মহাদেশখন প্ৰায় ৫০ লাখ বৰ্গ কিলোমিটাৰত বিস্তৃত। যাৰ আন এটা নাম হৈছে টে ৰেউয়া মাউই।
Phys.org নামৰ সংবাদ সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি জিলেণ্ডৰ নতুন মানচিত্ৰখনৰ সবিশেষ টেকটনিকছ নামৰ এখন আলোচনীত প্ৰকাশ পাইছে। বিজ্ঞানীসকলে সাগৰৰ তলত ডুব যোৱা জিলেণ্ডিয়াৰ প্ৰাচীন ইতিহাস জানিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷